ETV Bharat / state

অসম-মিজোৰাম প্ৰশাসনৰ মাজৰ বৈঠকৰ চুক্তিপত্ৰ জ্বলালে মিজো সংগঠনে

কৰিমগঞ্জ আৰু মামিট জিলা প্ৰশাসনৰ মাজত যোৱা মংগলবাৰে হোৱা বৈঠকৰ চুক্তিপত্ৰ জ্বলাই দিলে মিজো সংগঠনে । আইজলত থকা মিজোৰামৰ মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সম্মুখত চুক্তিপত্ৰ জ্বলাই একপ্ৰকাৰ অসমৰ বিৰুদ্ধে যেন যুদ্ধ ঘোষণা কৰিলে মিজোৰামৰ উগ্ৰ সংগঠনৰ নেতাসকলে ।

অসম-মিজোৰাম প্ৰশাসনৰ মাজৰ বৈঠকৰ চুক্তিপত্ৰ জ্বলালে মিজো সংগঠনে
অসম-মিজোৰাম প্ৰশাসনৰ মাজৰ বৈঠকৰ চুক্তিপত্ৰ জ্বলালে মিজো সংগঠনে
author img

By

Published : Nov 3, 2020, 1:27 PM IST

নিউজ ডেস্ক, 3 নৱেম্বৰ : এফালে মিজোৰামৰ আগ্ৰাসী মনোভাৱ । আনফালে অসমৰ তৈলমৰ্দন । এইবাৰ কৰিমগঞ্জ আৰু মামিট জিলা প্ৰশাসনৰ মাজত শনিবাৰে হোৱা বৈঠকৰ চুক্তিপত্ৰ জ্বলাই দিলে মিজো সংগঠনে । আইজলত থকা মিজোৰামৰ মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সম্মুখত চুক্তিপত্ৰ জ্বলাই অসমৰ বিৰুদ্ধে যেন যুদ্ধ ঘোষণা কৰিলে মিজোৰামৰ উগ্ৰ সংগঠনৰ নেতাসকলে । এটা সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে অসমৰ ওপৰত ভৰষা কৰা মিজোৰামে এইবাৰ পৰিৱৰ্তন কৰিলে ৰণনীতি ।

অসম-মিজোৰাম প্ৰশাসনৰ মাজৰ বৈঠকৰ চুক্তিপত্ৰ জ্বলালে মিজো সংগঠনে
অসম-মিজোৰাম প্ৰশাসনৰ মাজৰ বৈঠকৰ চুক্তিপত্ৰ জ্বলালে মিজো সংগঠনে

কিয়নো শনিবাৰে পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত মেদলিছৰা চাহ বাগিছাৰ মেনেজাৰৰ বাংলাত অনুষ্ঠিত কৰিমগঞ্জ আৰু মামিট প্ৰশাসনৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে, মেদলিছৰা হৈ মিজোৰামত প্ৰেৰণ কৰা হ'ব অত্যাৱশ্যকীয় সামগ্ৰী । অথচ সেই মেদলিছৰাত এটা সময়ত বেৰিকেড নিৰ্মাণ কৰি কৰিমগঞ্জ প্ৰশাসনে মিজোৰামৰ সৈতে বানিজ্যিক সম্পৰ্ক বন্ধ কৰি দিছিল । কিন্তু সেই আলোচনাত একপ্ৰকাৰ নতি স্বীকাৰ কৰি অত্যাৱশ্যকীয় সামগ্ৰী মিজোৰাম প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছিল কৰিমগঞ্জ প্ৰশাসনে । যাৰ বাবে এখন শান্তি চুক্তিপত্ৰ তৈয়াৰ কৰা হৈছিল । কিন্তু অসমক চেলেঞ্জ জনাই একেখন চুক্তিপত্ৰ জ্বলাই দিলে মিজো সংগঠনে । কিয়নো এতিয়া মিজোৰাম অসমৰ ওপৰত আৰু নিৰ্ভৰশীল নহয় ।

বিগত কিছুদিন ধৰি খাদ্য সংকটত ভুগি থকা মিজোৰামে এইবাৰ বাৰ্মাৰ পৰা সংগ্ৰহ কৰিব আৰম্ভ কৰিছে চাউল, দালি আদিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী । আনকি মনিপুৰ আৰু ত্ৰিপুৰাৰ পৰাও সংগ্ৰহ কৰিব নিত্য প্ৰয়োজনীয় সামগ্ৰী । যাৰ ফলত ত্ৰিপুৰাৰ লগত সংযোগ স্থাপনকাৰী এখন ভগা দলং স্থানীয় ৰাইজৰ সহযোগত নিৰ্মান কৰি দিয়া হৈছে । অসম সীমান্তত একপ্ৰকাৰ যুদ্ধ সদৃশ পৰিবেশৰ সৃষ্টি কৰিছে মিজোৰামে ।

মিজোৰামৰ প্ৰশাসনক প্ৰতি মুহুৰ্তত সহায়ৰ হাত আগবঢ়াই দিছে মিজো জনতাই । ইপিনে মেদলিছৰাত অসমৰ ফালৰ পৰা অস্থায়ী বেটেলিয়ান কেম্প বহুৱাই দিয়া হৈছে যদিও সামান্যতম খোৱা পানী যোগান ধৰাত ব্যৰ্থ হৈছে কৰিমগঞ্জ প্ৰশাসন । ইপিনে গোপন সূত্ৰৰ খবৰ খবৰ অনুসৰি, যি কোনো সময়ত মেদলিছৰা এলেকাত আক্ৰমনৰ পৰিকল্পনা কৰিছে মিজো উগ্ৰবাদী সংগঠনে । আৰু এই ক্ষেত্ৰত সীমান্ত এলেকাত যথেষ্ট প্লাছ পইন্টত আছে মিজোৰাম ।

লগতে পঢ়ক : বিহাৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.