ETV Bharat / state

Mizo aggression in Assam: কালাগাংগত মিজো দুস্কৃতিকাৰীৰ আগ্ৰাসন - অসমত আকৌ মিজোৰ আগ্ৰাস

অসমত আকৌ মিজোৰ আগ্ৰাসন ! শুকুৰবাৰে পুৱতি নিশা কৰিমগঞ্জৰ অসম মিজোৰাম সীমান্তৰ কালাগাংগ অঞ্চলত থকা এখন দলং জলাই দিলে মিজো দুস্কৃতিকাৰীয়ে ৷ এই সন্দেহ স্থানীয় লোকৰ ৷

Mizo aggression in Assam
কালাগাংগত মিজো দুস্কৃতিকাৰীৰ আগ্ৰাসন
author img

By

Published : Feb 25, 2022, 5:56 PM IST

Updated : Feb 25, 2022, 7:02 PM IST

কৰিমগঞ্জ, 25 ফেব্ৰুৱাৰী : ন ন পৰিকল্পনাৰে অব্যাহত আছে মিজোৰ আগ্ৰাসন (Mizo aggression in Assam)। এইবাৰ ঘটনাৰ স্থান কৰিমগঞ্জৰ অসম মিজোৰাম সীমান্তৰ কালাগাংগ অঞ্চল । শুকুৰবাৰে পুৱতি নিশা জ্বলি ছাৰখাৰ হ’ল এই অঞ্চলত থকা এখন দলং ৷ স্থানীয় লোকৰ সন্দেহ, মিজো দুস্কৃতিকাৰীয়ে জ্বলাই দিছে এই দলংখন ৷

জানিব পৰা মতে, কালাগাংগ অঞ্চলত বসবাস কৰি আছে 200 ৰো অধিক পৰিয়াল । এই পৰিয়ালকেইটাই পাঁচ বছৰ পূৰ্বে নিজৰ গাঁঠিৰ ধন ভাঙি ছিংলা নৈৰ ওপৰত নিৰ্মাণ কৰিছিল এই দলংখন ৷ যাৰ ফলত সুচল হৈছিল যাতায়ত ব্যৱস্থা ৷

কিন্তু শুকুৰবাৰে পুৱতি নিশা দলংখন জ্বলাই দিয়াত কালাগাংগ গাঁৱৰ ৰাইজৰ বাবে বিছিন্ন হৈ পৰিছে যোগাযোগ ।

ফলত অঞ্চলবাসী হৈ পৰিছে শংকিত ৷ কিয়নো যোগাযোগ বিচ্ছিন্ন হ’লে মিজো দুস্কৃতিকাৰীয়ে বিনা বাধাত পুনৰ আগ্ৰাসন চলাব পাৰিব অসমৰ মাটিত । সংবাদমাধ্যমৰ আগত এই কথা সদৰি কৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷

আনহাতে, আঞ্চলটোৰ একাংশ ৰাইজে এই সন্দৰ্ভত মুখ নুখোলে কেমেৰাৰ সন্মুখত ৷ কিয়নো তেওঁলোকৰ আছে প্ৰাণৰ ভয় । ইফালে স্থানীয় একাংশ লোকে উল্লেখ কৰা অনুসৰি, ইতিমধ্যে প্ৰায় তিনি কিলোমিটাৰ অসমৰ ভূমি মিজোৰামৰ দখলত আছে ।

অৱশ্যে এই ঘটনাৰ সন্দৰ্ভত অৱগত কৰা হয় অসম আৰক্ষীক ৷ খবৰ লাভ কৰাৰ মাত্ৰই সেই স্থানত উপস্থিত হয় অসম আৰক্ষী আৰু বন বিভাগৰ এটা দল ৷ কিন্তু এই খবৰ লাভ কৰিও বহু পলমকৈ ঘটনাস্থলীত মিজো আৰক্ষী আৰু আই.আৰ পি বেটেলিয়ন ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ তৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : Russia Ukraine War: ইউক্ৰেইনত আৱদ্ধ তিনিচুকীয়াৰ ছাত্ৰী ৰাজশ্ৰী বড়ো

Last Updated : Feb 25, 2022, 7:02 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.