বদৰপুৰ, 21 আগষ্ট : কৰিমগঞ্জৰ বদৰপুৰত এগৰাকী যুৱতীৰ ওপৰত এচিড আক্ৰমণ ৷ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবেই ভগ্নীৰ ওপৰত এচিড আক্ৰমণ সম্পৰ্কীয় ভাতৃৰ ৷ ঘটনা সন্দৰ্ভত বদৰপুৰ আৰক্ষী চকীত গোচৰ ৰজু ভুক্তভোগী যুৱতীৰ পৰিয়ালৰ লোকৰ ৷
বিগত প্ৰায় তিনিবছৰ ধৰি অভিযুক্ত মিন্টু দাসে প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াই আহিছিল যুৱতীগৰাকীলৈ ৷ কিন্তু সন্মানৰ ভয়ত ককায়েকৰ এনে প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ লগতে এই সমন্ধে কাকো অৱগত কৰা নাছিল৷ কিন্তু বিগত 16 আগষ্টত পুনৰ ককায়েকৰ প্ৰস্তাৱত অসন্মতি প্ৰদান কৰাত মিন্টু দাসে যুৱতীগৰাকীৰ ওপৰত এচিডৰে আক্ৰমণ চলায় ৷ ইপিনে, ঘটনাসন্দৰ্ভত পৰিয়ালৰ লোকে বদৰপুৰ আৰক্ষী চকীত গোচৰ ৰজু কৰে যদিও এতিয়াও আৰক্ষীয়ে দোষীক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷