ETV Bharat / state

পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

author img

By

Published : Sep 27, 2019, 11:46 PM IST

কৰিমগঞ্জৰ বাইপাচত শিলভৰ্তি ডাম্পাৰে মহতিয়াই নিলে বাইক আৰোহীক ৷ এনফোৰ্চমেন্ট কৰ্মীয়ে বাইপাচত গাড়ীৰ পৰা অবৈধ ধন সংগ্ৰহ কৰাত ব্যস্ত থকাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

পথ দুৰ্ঘটনাত নিহত বাইক আৰোহী

কৰিমগঞ্জ , 27 চেপ্তেম্বৰঃ শুকুৰবাৰে কৰিমগঞ্জ বাইপাচত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ শিলভৰ্তি ডাম্পাৰে মহতিয়াই নিয়ে বাইক চালক মহিদুল বৰভূঁঞা | মৃত ৩৫ বছৰীয়া যুৱকজনৰ ঘৰ কাছাৰ জিলাৰ গুমৰাত ৷ ঘটনাৰ বিৱৰণী মতে , অত্যাধিক বোজা কঢ়িয়াই অসম ত্ৰিপুৰা ৮নং ৰাষ্ট্ৰীয় ঘাইপথৰে AS10C-5876 ডাম্পাৰখনে শিল কঢ়িয়াই লৈ যোৱা অৱস্থাত এনফোৰ্চমেন্টৰ কৰ্মীয়ে পিছা কৰাত ট্ৰাকখনে গতিবেগ বঢ়াই দিয়ে ৷ যাৰ ফলত ট্ৰাকখনে আগে আগে গৈ থকা AS11N-5020 নম্বৰৰ বাইকখনত খুন্দা মৰাত বাইকৰ পৰা ছিটিকি পৰে মহিদুল বৰভূঁঞা ৷ স্থানীয় ৰাইজৰ অভিযোগ, এনফোৰ্চমেন্ট কৰ্মীয়ে বাইপাচত গাড়ীৰ পৰা অবৈধ ধন সংগ্ৰহ কৰাত ব্যস্ত থকাৰ বাবেই বাৰে বাৰে সেই অঞ্চলত সংঘটিত হয় এনে ঘটনা ৷

Intro:কৰিমগঞ্জ বাইপাছত ভয়াবহ পথ দুৰ্ঘটনাBody:SLUG: DUMPER BYKE CLASH, BYKER SPOT DEAD, KARIMGANJ
কৰিমগঞ্জৰ বাইপাচত ভয়াবহ পথ দূৰ্ঘটনা সংঘটিত হৈছে | শীলভৰ্তি ডাম্পাৰে মহতিৱাই নিলে বাইক চালকক | থিতাতে নিহত হয় বাইক চালক মহিদুল বৰভূঁইয়া | প্ৰায় ৩৫ বছৰিয়া মহিদুলৰ ঘৰ কাছাড় জিলাৰ গুমৰাত ।
অসম ত্ৰিপুৰা ৮নং ৰাষ্ট্ৰীয় ঘাইপথৰে AS10C-5876 ডাম্পাৰখনে শীল কঢ়িৱাই লৈ গৈছিল । আগে আগে মহিদুলে AS11N-5020 এখন এনফিল্ড বুলেট চলাই গৈ আছিল । ডাম্পাৰখনত ওভাৰলোড থকাৰ বাৱে এনফোৰ্সমেন্টৰ কৰ্মীয়ে পিছা কৰিলে চালকে গাড়িৰ গতি বঢ়াই দিয়ে । তীব্ৰ গতিৰে পলোৱাৰ চেষ্ঠা কৰাত দূৰ্ঘটনা সংঘটিত কৰি বাইকখনত খুন্দা মাৰে । ডাম্পাৰৰ খুন্দাত চালকজন বাইকৰ পৰা ছিটিকি পড়ে । আনফালে ডাম্পাৰে বাইখনক প্ৰায় 300 মিটাৰ ছুচৰাই লৈ যায় | দূৰ্ঘটনা সংঘটিত কৰি গাড়ি এড়ি চালকে পলায়ন কৰে | এনে ঘটনাৰ পাছত স্থানীয় ৰাইজে পৰিবহন বিভাগৰ এনফোৰ্চমেন্টৰ উপৰত তীব্ৰ অসন্তুষ্ঠি প্ৰকাশ কৰে । কয়, উৰে নিশা এনফোৰ্চমেন্ট কৰ্মীয়ে বাইপাচত গাড়িৰ পৰা অবৈধ ধন সংগ্ৰহ কৰাত ব্যস্থ থাকে । আজিও অনুৰূপ কাৰ্য কৰাৰ ফলতে এনে দূৰ্ঘটনা সংঘটিত হৈছে । ঘটনাস্থলিত উপস্থিত হোৱা কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধিক্ষক দেবজিত নাথেও ঘটনাৰ বিবৰন ডাঙি ধৰে । Conclusion:এনফোৰ্সমেন্টৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী ৰাইজৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.