ত্ৰিপুৰা, 20 জুলাইঃ অসম ত্ৰিপুৰা সীমান্ত এলেকাত সংঘটিত হৈছে এক নাভূত-নাশ্ৰুত কাণ্ড ৷ ত্ৰিপুৰাৰ কদমতলা আৰক্ষী থানাৰ অন্তৰ্গত লক্ষীনগৰ গাঁৱৰ ৰঞ্জিত দাসৰ নামৰ এজন কাঠমিস্ত্ৰিৰ ঘৰত জন্ম পাইছে দুটা অদ্ভূত ছাগলীৰ পোৱালি ৷ কপাল আৰু নাকৰ দুই কাষে চকু থকাৰ বিপৰীতে মুখমণ্ডলৰ এটা অন্য আকাৰ লৈছে ছাগলী পোৱালি কেইটাই ৷ পোৱালি দুটাৰ চকুৰ দুয়োটা মণি লগ লাগি থকাৰ লগতে উশাহ ল'বলৈ নাক নাই ছাগলী দুটাৰ ৷
লগতে পঢ়কঃ যোৰহাট-মাজুলীৰ মাজত যোগাযোগ বিচ্ছিন্ন
দুয়োটা অদ্ভুত ছাগলীৰ পোৱালিৰ বিষয়ে সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছৰে পৰা ৰঞ্জিত দাসৰ ঘৰত ভিৰ কৰিছেহি বহুজনে ৷ দূৰ-দূৰণিৰ পৰা আহি লোকে ছাগলী দুটা প্ৰত্যক্ষ কৰা বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আৰম্ভ হৈছে ছাগলী দুটাক লৈ বহুজনৰ পূজা-অৰ্চনাৰ ৷ অন্য একাংশ এতিয়াও কৌতুহলত ৷ মুঠতে এই দুয়োটা ছাগলী পোৱালীয়ে এতিয়া বিশেষ চমক সৃষ্টি কৰিছে ৰাজ্যখনত ৷