কৰিমগঞ্জ,12 জুলাই: গৰু চুৰিক কেন্দ্ৰ কৰি কৰিমগঞ্জত সংঘটিত হৈছে মাৰপিটৰ ঘটনা ৷ এগৰাকী ব্যক্তিৰ গৰু চুৰি হোৱাৰ পিছত ব্যক্তিগৰাকীয়ে স্থানীয় আৰক্ষী থানাত ৰুজু কৰিছিল এক গোচৰ ৷ উক্ত গোচৰক কেন্দ্ৰ কৰিয়ে সংঘটিত হয় মাৰপিট ৷ জিলাখনৰ নিলাম বজাৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দলগ্ৰাম গাঁৱত শনিবাৰে নিশা সংঘটিত হয় এই ঘটনা ।
ইতিমধ্যে দুৰ্বৃত্তৰ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত হৈছে জবৰুল ইছলাম নামৰ এগৰাকী 25 বছৰীয়া যুৱক ৷ শনিবাৰে নিশা দুৰ্বৃত্তই দৰ্জা ভাঙি প্ৰৱেশ কৰি আক্ৰমণ চলাই জবৰুল নামৰ যুৱকগৰাকীৰ বাসগৃহত ৷ ভুক্তভোগীয়ে অভিযোগ কৰা অনুসৰি, একাংশ বাংলাদেশী লোকৰ সহযোগত চলোৱা হৈছিল উক্ত আক্ৰমণ ৷ ইতিমধ্যে ঘটনা সংক্ৰান্তত জড়িতৰ অভিযোগত দুজন ব্য়ক্তিৰ বিৰুদ্ধে নিলামবজাৰ আৰক্ষী থানাত ৰুজু কৰা হৈছে এক গোচৰ । উল্লেখ্য যে,বিগত 26 জুনত জবৰুল হক নামৰ যুৱকগৰাকীৰ গোহালিৰ পৰা চুৰি হৈছিল তিনিটাকৈ গৰু ৷ সেয়ে বিষয় সন্দৰ্ভত যুৱকগৰাকীয়ে স্থানীয় আৰক্ষী থানাত ৰুজু কৰিছিল এক গোচৰ ৷ ইয়াকে কেন্দ্ৰ কৰি দুৰ্বৃত্তই যুৱকগৰাকীক আক্ৰমণ কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ ঘটনাটোৱে চাঞ্চল্য সৃষ্টি কৰে উক্ত অঞ্চলত ৷
লগতে চাওকঃ ভুৱা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ শাখা উৎখাত, বেংক কৰ্মচাৰীৰ পুত্ৰ গ্ৰেপ্তাৰ