ETV Bharat / state

অবৰ্ণনীয় পৰিৱেশত এটা পৰিয়ালৰ জীৱন সংগ্ৰাম

বছৰ বছৰ ধৰি মুক্ত আকাশৰ তলতে তিনি সন্তানৰ সৈতে এক দুৰ্বিসহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে ইব্ৰাহিম আলী নামৰ এগৰাকী দৰিদ্ৰ লোকে ৷ স্থানীয় জন প্ৰতিনিধিক বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো আজিলৈকে নাপালে এটা চৰকাৰী ঘৰ ৷

A poor Family don't get a Any Govt Scheme in karimganj
আদিম যুগ হেন পৰিৱেশত এটা দৰিদ্ৰ পৰিয়ালৰ জীৱন সংগ্ৰাম
author img

By

Published : Jun 26, 2021, 8:01 PM IST

কৰিমগঞ্জ, 26 জুন : কৰিমগঞ্জ বদৰপুৰ সমষ্টিৰ এগৰাকী দৰিদ্ৰ ব্যক্তি ৷ নাম তেওঁৰ ইব্ৰাহিম আলী ৷ বদৰপুৰ সমষ্টিৰ বুন্দাশীল গাঁও পঞ্চায়তৰ আলেখাৰগুল নামৰ এখন ভিতৰুৱা গাঁৱত বাস কৰে তেওঁ ৷ ঘৰ বুলিবলৈ ইব্ৰাহিম আলীৰ এটা ভাল ঘৰ দূৰৈৰ কথা নাই এটা জুপুৰীও ৷

বছৰ বছৰ ধৰি মুক্ত আকাশৰ তলতে তিনি সন্তানৰ সৈতে এক দুৰ্বিসহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে ইব্ৰাহিম আলীয়ে ৷ ইফালে কণমানি কেইটাক পিন্ধাবলৈ কাপোৰ-কানিৰ উপৰিও দুবেলা দুসাঁজ খাবলৈও ইব্ৰাহিম আলীৰ হাতত নাই টকা-পইচা ৷ বছৰ বছৰ ধৰি সাধাৰণ এখন তিৰপাল তৰিয়েই জীৱন অতিবাহিত কৰিছে দৰিদ্ৰ পৰিয়ালটোৱে ৷

অবৰ্ণনীয় পৰিৱেশত এটা পৰিয়ালৰ জীৱন সংগ্ৰাম

ইফালে এটা চৰকাৰী আৱাসগৃহৰ বাবে পঞ্চায়ত তথা স্থানীয় জন প্ৰতিনিধিক বাৰম্বাৰ অনুৰোধ জনাইছিল যদিও আজিলৈকে নাপালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনষ্ঠ এটা চৰকাৰী ঘৰ ৷ অকল সেয়াই নহয় দৰিদ্ৰ পৰিয়ালটোৱে আজিলৈকে নাপালে চৰকাৰে যোগান ধৰা কোনো এখন আঁচনিৰ সা-সুবিধা ৷ ইফালে ইব্ৰাহিম আলীৰ এই দুখৰ জীৱনটোৰ কাহিনী ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাত ইতিমধ্যে বিভিন্ন প্ৰান্তৰ সদাশয় লোকে ইব্ৰাহিম আলীৰ পৰিয়ালটোক এটা ঘৰ সাজি দিবলৈ আগবঢ়াইছে অৰ্থ সাহায্য ৷

এতিয়া প্ৰশ্ন হয়, স্বাধীনতাৰ 74 টা বছৰ অতিক্ৰম কৰাৰ পাছতো ৰাজ্যৰ বহু দৰিদ্ৰ লোকে লাভ নকৰিলে এটা চৰকাৰী গৃহ ৷ এতিয়াও অনাহাৰ-অনিদ্ৰাই বহু দৰিদ্ৰলোকে দুৰ্বিসহ জীৱন অতিবাহিত কৰিবলগীয়া হোৱাৰ ঘটনাই পোহৰাই তুলিছে চৰকাৰে উন্নয়নৰ নামত ঢাক-ঢোল বজোৱা প্ৰকৃত ছবিখন ৷ শীঘ্ৰে দৰিদ্ৰ পৰিয়ালটোক এটা চৰকাৰী আৱাসগৃহ পোৱাৰ ব্যৱস্থা কৰি দিবলৈ স্থানীয় ৰাইজে চৰকাৰক আহ্বান জনাইছে ৷

লগতে পঢ়ক- কেকো সাপ সহ তিনিচুকীয়া আৰক্ষীৰ জালত চাৰিজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.