ETV Bharat / state

বদৰপুৰত অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ - চোৰাং কাঠ

ৰাজ্যত অব্যাহত আছে কয়লাৰ লগতে চোৰাং কাঠৰ অবৈধ সৰবৰাহ ৷ বদৰপুৰ আৰক্ষীয়ে জব্দ কৰিছে এখন কয়লা ভৰ্তি ট্ৰাক ৷

illegal coal loaded truck sized by Badarpur police
বদৰপুৰত অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ
author img

By

Published : Jul 24, 2021, 8:16 AM IST

কৰিমগঞ্জ, 24 জুলাই : ৰাজ্যত অব্যাহত আছে চোৰাং কাঠৰ লগতে অবৈধ কয়লা সৰবৰাহ কাৰ্য ৷ বন বিভাগ তথা নিশা নিৰাপত্তা আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি একাংশ মাফিয়াই চলাই নিছে এই অবৈধ সৰবৰাহ কাৰ্য ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰাৰ পাচতে অসমৰ সম্পদৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে বিশেষভাৱে তৎপৰ হৈ পৰিছে ৷ তাৰপিছতো কিন্তু অব্য়াহত আছে ক’লা হীৰা খ্যাত কয়লাৰ অবৈধ সৰবৰাহ ৷

শুকুৰবাৰে বদৰপুৰত আৰক্ষীয়ে জব্দ কৰে অবৈধ সামগ্ৰী ভৰ্তি এখন ট্ৰাক ৷ ট্ৰাকখনত কেৱল কয়লা নহয়, আছিল কেইবালাখ টকা মূল্যৰ চোৰাং কাঠ ৷ বদৰপুৰ আৰক্ষীয়ে এই ট্ৰাকখন জব্দ কৰাৰ পাচতে চাঞ্চল্যই বিৰাজ কৰে এলেকাটোত ৷

এই ঘটনাৰ পিছত এটা কথা স্পষ্ট হয় যে, একাংশ মাফিয়াই অসম-মেঘালয় সীমান্তৰ লগতে বৰাকত কয়লাৰ লগতে চোৰাং কাঠৰ ছিণ্ডিকেটৰাজ অব্যাহত ৰাখিছে ৷

আৰক্ষীয়ে কয়লা ভৰ্তি অবৈধ ট্ৰাকখন জব্দ কৰাৰ পাচতে নিশা বদৰপুৰ আৰক্ষী থানাত উপস্থিত হয় কৰ বিভাগ, এনফ’ৰ্চমেন্ট বিভাগ, বন বিভাগ, এম ভি আই বিষয়াসকল ৷ ইয়াৰ পাচতে আৰক্ষী আৰু বিভাগীয় বিষয়াসকলৰ সৈতে এক বৈঠক অনুষ্ঠিত হয় ৷ উক্ত বৈঠকৰ পাচতে কয়লা আৰু কাঠ ভৰ্তি ট্ৰাকখন জব্দ কৰে কৰ বিভাগে ৷

আৰক্ষী সূত্ৰই সদৰী কৰা মতে, বদৰপুৰৰ ভাংগা অঞ্চলৰ কুখ্যাত মাফিয়া সামিম আহমেদৰ ঘৰৰ সন্মুখৰ পৰা জব্দ কৰা হয় ট্ৰাকখন ৷ বন বিভাগে ট্ৰাকখনৰ পৰা চোৰাং কাঠবোৰ জব্দ কৰে ৷ লগতে কৰ বিভাগে কয়লাসহ ট্ৰাকখন জব্দ কৰে ।

লগতে পঢ়ক: আত্মসমৰ্পন কৰা নাই যুদ্ধ বিৰতিহে ঘোষণা কৰিছো: এম বাথা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.