ETV Bharat / state

তিনিখন জিলাত পুনৰ 9 দিনীয়া লক্ ডাউন - বৰাক উপত্যাকাত পুনৰ ঘোষণা 9 দিনীয়া লক ডাউন

বুধবাৰে নিশা 12 বজাৰ পৰা 4 চেপ্তেম্বৰলকৈ বৰাকৰ তিনিখনকৈ জিলাত অব্যাহত থাকিব লক্ ডাউন ৷ সমান্তৰালকৈ কৰিমগঞ্জ জিলাৰ পাঁচটাকৈ সমষ্টিত এই লক্ ডাউনৰ প্ৰভাৱ পৰিব ৷

9 days lock down imposed at 3 districts of Barak Valley
বৰাক উপত্যাকাৰ তিনিখনকৈ জিলাত পুনৰ ঘোষণা 9 দিনীয়া লক ডাউন
author img

By

Published : Aug 26, 2020, 6:52 PM IST

কৰিমগঞ্জ,26 আগষ্টঃ বৰাক উত্যকাত পুনৰ ঘোষণা কৰা হৈছে লক্ ডাউন ৷ বুধবাৰে নিশা 12 বজাৰ পৰা 4 চেপ্তেম্বৰলকৈ বৰাকৰ তিনিখন জিলাত অব্যাহত থাকিব লক্ ডাউন ৷ সমান্তৰালকৈ কৰিমগঞ্জ জিলাৰ পাঁচটাকৈ সমষ্টিত এই লক্ ডাউনৰ প্ৰভাৱ পৰিব ৷ কৰিমগঞ্জ চহৰৰ পৌৰ এলেকাৰ সকলো দোকান পোহাৰৰ লগতে হাট-বজাৰৰ উপৰিও ব্যক্তিগত বাহনসমূহৰ চলাচল বন্ধ থাকিব ৷

বৰাক উপত্যাকাৰ তিনিখনকৈ জিলাত পুনৰ ঘোষণা 9 দিনীয়া লক ডাউন

কিন্তু, লক্ ডাউনৰ ক্ষেত্ৰত কিছু শিথিলতা অৱলম্বন কৰিছে প্ৰশাসনে ৷ আন্তঃজিলাৰ উপৰিও আন্তঃৰাজ্যিক বাছ চলাচলৰ ক্ষেত্ৰত কোনো নিষেধাজ্ঞা নাথাকিব ৷ ইয়াৰ উপৰিও চৰকাৰী সকলো অফিচ আদালত খোলা থাকিব ৷ সম্প্ৰতি এই আংশিক লক্ ডাউনে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ কৰ’ণা সংক্ৰমণ ৰোধৰ বাবেই পুনৰ গ্ৰহণ কৰা এই লক্ ডাউনে কিমান দূৰ সংক্ৰমণ ৰোধ কৰিব তাকে লৈ চিন্তিত হৈ পৰিছে ৰাইজ ৷ আনহাতে, হাট-বজাৰসমূহ বন্ধ থাকিলে সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাক লৈও শংকিত হৈ পৰিছে লোকসকল ৷

লগতে পঢ়ক-কৰ’ণাত আক্ৰান্তৰ মৃত্য়ুত প্ৰতিবাদ আটছাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.