শিলচৰ, 26 জানুৱাৰী : সমগ্ৰ দেশতে সোমবাৰে উদযাপন কৰা হৈছে 72 সংখ্যক গণৰাজ্য দিৱস ৷ ৰাজ্যৰ বিভিন্ন প্ৰন্ততো অতি উলহ-মালহেৰে উদযাপন কৰা হৈছে গণৰাজ্য দিৱস ৷ শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত উদযাপন কৰা গণৰাজ্য দিৱসত জাতীয় পতাকা উত্তোলন কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই । লগতে দেশবাসীক গণৰাজ্য দিৱসৰ অভিবাদনো জ্ঞাজন কৰে বনমন্ত্ৰী গৰাকীয়ে ৷
শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত উদযাপন কৰা গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ পিছত চি আৰ পি এফ,অসম আৰক্ষীৰ জোৱান,এন চি চি,স্কাউড গাইডৰ কুজ-কাৱাজৰ অভিবাদনত অংশ গ্ৰহণ কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ।
গণৰাজ্য দিৱসৰ এই অনুষ্ঠাত বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শিত কৰা হয় ৷ এই অনুষ্ঠানৰ দ্বাৰা জাতি-জনগোষ্ঠিৰ মাজত একতা আৰু শান্তি-সম্প্ৰতিৰ এনাজৰি ডাল সু-দৃঢ় হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । ৷
লগতে পঢ়ক : জয় হিন্দ: ইটিভি ভাৰত আৰু চিআৰপিএফৰ সৈতে গণৰাজ্য দিৱস বিশেষ