কৰিমগঞ্জ, 29 জুলাইঃ ৰাজ্যৰ আন প্ৰান্তৰ লগতে কৰিমগঞ্জতো কৰ’ণা আক্ৰান্ত ৰোগীৰ তালিকা দিঘলীয়া হ'বলৈ ধৰিছে ৷ মঙলবাৰে জিলাখনত পুনৰ 27 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড 19ৰ সংক্ৰমণ ৷
ইপিনে,পাথাৰকান্দি সামূহিক স্বাস্থ্য কেন্দ্ৰৰ মনজিৎ সিনহা নামৰ এগৰাকী কম্পিউটাৰ অপাৰেটৰ কৰ’ণাত আক্ৰান্ত হোৱাৰ বাবে চিকিৎসালয় খনৰ একপ্ৰকাৰ আতংকৰ পৰিৱেশে বিৰাজ কৰিছে ৷ উল্লখ্য যে,আক্ৰান্ত মনজিৎৰ নাই কোনো ভ্ৰমণ বৃত্তান্ত,যিয়ে চিকিৎসালয় খনতো গণ সংক্ৰমণ হোৱাৰ পূৰ্ণ আশংকা কঢ়িয়াইছে ৷
কৰ্মছাৰীজন আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰাৰ পাচতেই তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে সমগ্ৰ চিকিৎসালয়খন চেনিটাইজ কৰা হয় ৷ আনহাতে কৰ্মচাৰী জনৰ সংস্পৰ্শলৈ অহা সকলো লোকৰে তথ্য উলিয়াই তালিকা প্ৰস্তুত কৰিছে স্বাস্থ্য বিভাগে ৷
উল্লেখ্য যে,বৰ্তমানলৈ কৰিমগঞ্জত কৰ‘ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 464 লৈ বৃদ্ধি পাইছে ৷
লগতে পঢ়কঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিলেখ গঢ়িলে লখিমপুৰৰ কাৰ্তিকায়ান কাশ্যপে