ETV Bharat / state

বদৰপুৰত ৰে'লৱে আৰক্ষীৰ জালত ১৫ গৰাকী ৰহিংগীয়া - ৰহিংগীয়া

ৰেলৱে আৰক্ষীয়ে আটক কৰা দলটোত আছে 6 টা শিশু, 6 গৰাকী পুৰুষ আৰু 3 গৰাকী মহিলা ৷ উল্লেখযোগ্য যে, এই 15 জনীয়া ৰহিংগীয়াৰ দলটোৱে ৰে'লযোগে আগৰতলালৈ যাবলৈ ওলোৱাৰ সময়তে আৰক্ষীৰ জালত পৰে ৷

বদৰপুৰত ৰেলৱে আৰক্ষীৰ জালত ১৫ গৰাকী ৰহিংগিয়া

author img

By

Published : Jul 24, 2021, 11:05 PM IST

কৰিমগঞ্জ, 24 জুলাই : বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাৰ বদৰপুৰ ৰেলৱে ষ্টেচনত ১৫ গৰাকী ৰহিংগীয়াক আটক কৰিবলৈ সক্ষম হৈছে নিৰাপত্তা বাহিনীয়ে । জানিব পৰা মতে, আটক কৰা দলটোত আছে 6 টা শিশু, 6 গৰাকী পুৰুষ আৰু 3 গৰাকী মহিলা ৷ উল্লেখযোগ্য যে, এই 15 জনীয়া ৰহিংগীয়া দলটোৱে ৰে'লযোগে আগৰতলালৈ যাবলৈ ওলোৱাৰ সময়তে আৰক্ষীৰ জালত পৰে ৷

বদৰপুৰত ৰে'লৱে আৰক্ষীৰ জালত ১৫ গৰাকী ৰহিংগীয়া

মন কৰিবলগীয়া যে, অবৈধভাৱে অসমত প্ৰৱেশ কৰা ৰহিংগীয়া অথবা বাংলাদেশী নাগৰিক বিভিন্ন সময়ত আৰক্ষী তথা নিৰাপত্তাৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ঘটনাই ভাৰত সীমান্ত কিমান সুৰক্ষিত সেই দিশটো উদঙাই দিয়ে ৷ জানিব পৰা মতে, ৰহিংগীয়া দলটো উত্তৰপ্ৰদেশৰ আলিগড়ৰ পৰা বাছেৰে কলকাতাৰ শিলিগুড়িলৈ আহে । শিলিগুড়িৰ পৰা কাঞ্চনজংঘা এক্সপ্ৰেছযোগে বুধবাৰে কৰিমগঞ্জৰ বদৰপুৰ ৰেল ষ্টেচনত উপস্থিত হয় ।

তাৰপাচতে বদৰপুৰৰ এখন হোটেলত ২ দিন ধৰি সময় অতিবাহিত কৰিছিল 15 জনীয়া ৰহিংগীয়া দলটোৱে । সেই অনুসৰি শনিবাৰ পুৱাৰ ভাগত ত্ৰিপুৰালৈ যোৱাৰ উদ্দেশ্যে শিলচৰ-আগৰতলা যাত্ৰীবাহী ট্ৰেইনখনৰ অপেক্ষাত আছিল ৰহিংগীয়াৰ দলটো । কৰ্তব্যত থকা বদৰপুৰ ৰে'ল আৰক্ষীৰ সন্দেহ হোৱাত দলটোক তালাচী কৰোতে সকলো ওলাই পৰে ৷

ৰে'লৱে আৰক্ষীয়ে দলটোৰ পৰা 6 টা মবাইলসহ নগদ 50 হাজাৰ টকা জব্দ কৰে ৷ জানিব পৰা মতে, চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ এগৰাকী লোকৰ নিৰ্দেশত উত্তৰ প্ৰদেশৰ পৰা আগৰতলা লৈ ৰাওনা হৈছিল এই দলটো । সম্প্ৰতি আটকাধীন আটাইকেইগৰাকীক আৰক্ষীয়ে বিদেশী ন্যায়াধীকৰণ আদালতলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়কঃ বেদখলকাৰীক শেষ সকিয়নী পীযুষ হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.