কৰিমগঞ্জ, 7 নৱেম্বৰ : অসমৰ মাটি আগ্ৰাসন আৰু অসমৰ নাগৰিকৰ মৃত্যুৰ প্ৰতিবাদত শনিবাৰে ৰাতিপুৱা 5 টাৰ পৰা সন্ধিয়া 5টা লৈকে ছাত্ৰ সংগঠন (ACKHSA)ই 12 ঘণ্টীয়া বৰাক বন্ধৰ আহ্বান কৰিছে ৷ এই বন্ধক সমৰ্থন জনাইছে বিভিন্ন ৰাজনৈতিক দলসহ অৰাজনৈতিক সংগঠনে ।
মিজো দুষ্কৃতিৰ হাতত অসমীয়া লোকৰ হত্যা আৰু অসম মিজোৰাম সীমা বিবাদৰ স্থায়ী সমাধানৰ দাবীত আজি এই বৰাক বন্ধৰ আহ্বান জনাইছে ছাত্ৰ সংগঠনটোৱে । বন্ধৰ প্ৰভাব পুৱাৰে পৰা দেখা গৈছে বৰাক উপত্যকাত । বন্ধক স্বতঃস্ফূর্ত বাবে সমৰ্থন জনাইছে কৰিমগঞ্জৰ ৰাইজে ।
অসমৰ ভূমি মিজোৰামে দখলৰ প্ৰতিবাদত ছাত্ৰ সংগঠন (ACKHSA)ই শনিবাৰে দিয়া বৰাক উপত্যকা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা গ'ল ৷ ছাত্ৰ সংগঠনটোৱে দিয়া 12 ঘন্টীয়া বৰাকৰ বন্ধৰ সময়ছোৱাত বৰাকৰ তিনিওখন জিলাতে সহাঁৰি দিয়ে জনসাধাৰণে ৷
লগতে পঢ়ক : মিজোৰামৰ আগ্ৰাসনঃ 12 ঘন্টীয়া বৰাক বন্ধৰ সৰ্বাত্মক প্ৰভাৱ