ETV Bharat / state

বন্যহস্তীৰ আক্ৰমণত চূৰমাৰ হ'ল এখন স্কুটি

author img

By

Published : Aug 9, 2021, 10:33 PM IST

বনৰীয়া হাতীৰ আক্ৰামণৰ বলি দুই স্কুটী আৰোহী ৷ বন্যহস্তীয়ে গছকি চূৰমাৰ কৰিলে স্কুটিখন ৷ এই ঘটনা সংঘটিত হৈছে বোকাজানত ৷

wild elephant atteck in bokajan
বন্যবস্তীৰ আক্ৰমণত চুৰমাৰ হ'ল এখন স্কুটি

বোকাজান, ৯ আগষ্ট : ৰাজ্যত প্ৰায়ে অব্যাহত হাতী-মানুহৰ সংঘাত ৷ বিশেষকৈ গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলৰ লগতে কাৰ্বি আংলং আৰু গোলাঘাট জিলাৰ সীমান্তৱৰ্তী বোকাজান এলেকাত প্ৰায়ে সংঘটিত হোৱা দেখা গৈছে হাতী মানুহৰ সংঘাত ৷

সোমবাৰৰ বিয়লি বোকাজানৰ ঘঁৰিয়ালডুবি এলেকাত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই একপ্ৰকাৰ আতংকময় পৰিবেশৰ সৃষ্টি কৰাৰ লগতে ঘাইপথেৰে গৈ থকা এখন স্কুটি ভাঙি মহতীয়াই চূৰমাৰ কৰে । ঘটনাৰ বিৱৰণী অনুসৰি, বিয়লি সঞ্জয় ৰয় আৰু বিশ্বজিৎ মজুমদাৰ নামৰ দুগৰাকী যুৱকে এখন স্কুটিৰে বোকাজানৰ খটখটি অভিমুখে গৈ আছিল ৷

লগতে পঢ়ক:ৰঙিয়াত আৰক্ষীৰ জালত পৰিল মানৱ সৰবৰাহকাৰী

খটখটি অভিমুখী যাত্ৰাৰ সময়তে বোকাজানৰ ঘঁৰিয়ালডুবি বাগানৰ সমীপত ৬/৭ জনীয়া এটা বনৰীয়া হাতীৰ দলে দুয়োকে আক্ৰমণ কৰে । বনৰীয়া হাতীৰ জাকটোৱে তাণ্ডৱ চলাই স্কুটীখন মহতীয়াই চূৰমাৰ কৰে ৷ স্কুটীখনৰ আৰোহী দুয়োগৰাকী যুৱকৰ কথমপিহে প্ৰাণ ৰক্ষা পৰে ।

অৱশ্যে উক্ত ঘটনাত দুয়োজন স্কুটী আৰোহী সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় । বন্যহস্তীৰ জাকটোৰ আক্ৰমণৰ বলি হোৱা যুৱক দুজনৰ ঘৰ বোকাজানৰ খটখটিত বুলি জানিব পৰা গৈছে । আহত দুয়োজন যুৱককে ইতিমধ্যে বোকাজান সমূহীয়া স্বাস্থ্য কেন্দ্ৰত চিকিৎসা প্ৰদান কৰা হয় ।

লগতে পঢ়ক: অনন্তনাগত পত্নীসহ পঞ্চায়তৰ সভাপতিক গুলীয়াই হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.