ETV Bharat / state

"মুখ্যমন্ত্ৰী বিধবা সাহায্য আঁচনি"ৰ অধীনত হিতাধিকাৰীয়ে পালে সাহায্য

author img

By

Published : Jul 23, 2021, 1:16 PM IST

কাৰ্বি আংলঙত ক'ভিড ১৯ (Covid-19) ত স্বামীহাৰা বিধবা মহিলা সকলক আঢ়ৈ লাখ টকাকৈ চেক প্ৰদান কৰে ৷ পাৰ্বত্য উন্নয়ণ মন্ত্ৰী যোগেন মোহন আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰমহাঙে বিতৰণ কৰে এই অৰ্থ সাহাৰ্য ৷

Widows get cheque worth Rs 2.5 lakh At Karbi anglong District
"মুখ্যমন্ত্ৰী বিধবা সাহায্য আঁচনি"ৰ অধীনত আঢৈ লাখ টকাকৈ চেক প্ৰদান

ডিফু, ২৩ জুলাই : ৰাজ্যজুৰি ৰূপায়ণ হৈ থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা CM Dr. Himanta Biswa Sarma)ৰ "মুখ্যমন্ত্ৰী বিধবা সাহায্য আঁচনি"Chief Minister Covid-19 widows Support Scheem"ৰ অংশ স্বৰূপে বৃহস্পতি বাৰে ৰাজ্যৰ দুই পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙতো অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ আৰু প্ৰশমন আৰু পাৰ্বত্য উন্নয়ণ মন্ত্ৰী যোগেন মোহন আৰু বিধায়ক ৰূপচিং টেৰণে ক'ভিড ১৯ ত স্বামীহাৰা হোৱা বিধৱা সকললৈ এককালীনভাৱে আঢ়ৈলাখ টকাৰ চেক প্ৰদান কৰে ৷

বৃহস্পতিবাৰে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ "ফাৰ্মাৰ্চ এণ্ড গ্ৰ'থ চেণ্টাৰ'ত মন্ত্ৰী যোগেন মোহনে অৰ্থ সাহাৰ্য বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে ৷ উক্ত অনুষ্ঠানতে জিলাখনৰ বিধবা মহিলাক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে ৷ মুঠ ১০ গৰাকী হিতাধিকাৰীৰ ক্ৰমে, ডিফুৰ ৬ গৰাকী আৰু বোকাজানৰ ৪ গৰাকী বিধৱা মহিলাক উক্ত চেক প্ৰদান কৰা হয় ৷

পাৰ্বত্য উন্নয়ণ মন্ত্ৰী যোগেন মোহনে নিজৰ ভাষণত প্ৰসংগত কয় যে, ক'ভিডত প্ৰাণ হেৰুওৱা লোক সকলৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ চৰকাৰৰ প্ৰতিজন জনপ্ৰতিনধিকে ক'ভিডত প্ৰাণ হেৰুৱা সকলৰ বাবে মানৱীয় দৃষ্টি কোনেৰে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায় ৷ প্ৰথম পৰ্যায়ত ক'ভিডত স্বামীহাৰা হোৱা মহিলা সকলক 'মুখ্যমন্ত্ৰী বিধবা সাহায্য আঁচনি'ৰ পৰা আঢ়ৈলাখ টকাকৈ চেক প্ৰদান কৰে ৷

এই বিধবা মহিলা সকলক সাহাৰ্য প্ৰদান কৰিবলৈ পাই তেওঁ আনন্দিত ৷ পৰৱৰ্তী পৰ্যায়ত ক'ভিডত মৃত্যু বৰণ কৰা আন লোক সকলকো ১ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰাৰ বাবে চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে বুলি জনায় মন্ত্ৰী গৰাকীয়ে ৷ চেক বিতৰণ কাৰ্যসূচীৰ ভাষণ প্ৰসংগত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰমহাঙে কয় যে, ক'ভিড ১৯ত স্বামীহাৰা বিধবা সকলক কোনো চৰকাৰে এককালীন সাহায্য দিয়া নাই যদিও অসম চৰকাৰে "মুখ্যমন্ত্ৰী বিধবা সাহায্য আঁচনি"ৰ জৰিয়তে প্ৰদান কৰা হৈছে ৷

সকলো ৰাইজকে ক'ভিড-১৯ ৰ বিনামূলীয়া প্ৰতিষেধক গ্ৰহণ কৰিবলৈও আহ্বান জনাইছে ৷ এই সভাখন স্থানীয় বিধায়ক বিদ্যাচিং ইংলেঙ, পৰিষদৰ কেইবাগৰাকী কাৰ্যবাহী সদস্য (EM) আৰু সদস্য (MAC) আৰু কাৰ্বি আংলং জিলাৰ উপায়ুক্ত চন্দ্ৰধ্বজ সিনহা উপস্থিত থাকে ৷
আনহাতে, পশ্চিম কাৰ্বি আংলং আংলং জিলাৰ হামৰেণতো ক'ভিড ১৯ ত স্বামীহাৰা হোৱা বিধবা মহিলা সকললৈ আঢ়ৈ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰে ৷ হামৰেণ উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত বিধায়ক ৰূপচিং টেৰণে প্ৰদান কৰে উক্ত চেক ৷ উক্ত সাহায্যৰ ধনখিনি কোনো ভাল কামত প্ৰয়োগ কৰি স্বামীৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ আহ্বান জনায় বিধায়ক গৰাকীয়ে ৷

উক্ত চেক বিতৰণ সভাত পশ্চিম কাৰ্বি আংলঙৰ উপায়ুক্ত উৎপলা শইকীয়া, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সীমান্ত উন্নয়ণ বৰ্ডৰ অধ্যক্ষ ৰিচাৰ্ডচন হাঞ্চে আৰু হামৰেণ পৌৰসভাৰ অধ্যক্ষ হেডচিং ৰংফাৰো উপস্থিত থাকে ৷

লগতে পঢ়ক-পৈতৃক সম্পত্তিক লৈ প্ৰাণে মৰাৰ ভাবুকি এগৰাকী বৃদ্ধাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.