ডিফু, ৮ জুন: ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত(KAAC Election 2022) নিৰ্বাচনী হিংসা ৷ বুধবাৰে অনুষ্ঠিত হোৱা ভোটদান প্ৰক্ৰিয়াৰ মাজতে পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’ৰ পুঞ্জা ভোটগ্ৰহন কেন্দ্ৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷
পশ্চিম কাৰ্বি আংলঙৰ 1 নং দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ ১৬ নং পুঞ্জা ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত হয় উক্ত ঘটনা ৷ বেলেট পেপাৰত মৰা চীল অন্তৰ্ধান হোৱাক লৈ এই উত্তপ্ত পৰিস্থিতি (Tense situation in KAAC Election 2022) ৷ এই কাণ্ডত ভোটাৰ ৰাইজ উত্তেজিত হৈ জ্বলাই দিয়ে বেলট বাকচ ।
ফলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰিবলগীয়া হয় (Firing at polling station in west Karbi Anglong)৷ ইয়াৰোপৰি লাঠিচানলাও কৰে আৰক্ষীয়ে ৷ উল্লেখযোগ্য যে, উক্ত দুৱাৰ আমলা পৰিষদীয় সমষ্টিটোৰ পৰা বিজেপিৰ প্ৰভাত চন্দ্ৰ তাৰ', কংগ্ৰেছৰ বিজয় টেৰণ আৰু এএছডিচি চৰকাৰ ফাংচ'ৱে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ উক্ত কেন্দ্ৰটোত ১০ জুনত পুণৰ ভোট গ্ৰহণ কৰা হ’ব ৷
লগতে পঢ়ক: 15 জুনৰ পৰা শিলচৰ নিউ হাফলঙৰ মাজত ৰে’ল চলাচলৰ সম্ভাৱনা