ডিফু, ১২ নবেম্বৰ : কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত অহা চৈধ্য নৱেম্বৰত ডিফুত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচী সন্দর্ভত এক আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে ৷ দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিবলগীয়া উক্ত আলোচনা চক্ৰত অংশ গ্ৰহণৰ বাবে স্থানীয় দল-সংগঠনসমূহক আমন্ত্ৰণ জনোৱা হৈছিল ৷ বিভিন্ন কাৰণত এই সন্দর্ভত অসন্তুষ্টি প্ৰকাশ কৰি উক্ত আলোচনা চক্ৰত অংশ গ্ৰহণৰ পৰা বিৰত থকাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে জিলাখনৰ কেইবাটাও দল-সংগঠনৰ নেতৃবর্গই ।
শুকুৰবাৰে বিয়লি ডিফুত এক সংবাদমেলৰ আয়োজন কৰি সংগঠনকেইটাৰ নেতৃবর্গই এই সন্দর্ভত নিজা অসন্তুষ্টি প্ৰকাশ কৰে ৷ তেওঁলোকে কয় যে, আলোচনা চক্ৰৰ বাবে আমন্ত্ৰণ কৰা অতিথি বক্তাসকলক উক্ত আলোচনা চক্ৰত মন্তব্য ৰখাৰ বাবে পর্যাপ্ত সময় দিয়াৰ পৰিৱৰ্তে স্থানীয় দল-সংগঠনৰ প্ৰতিনিধিবর্গক মন্তব্য ৰখাৰ বাবে তেনেই কম সময় দিয়া হৈছে ।
পৰিষদৰ এনে কার্যত তীব্ৰ অসন্তষ্টি প্ৰকাশ কৰি বুজাবুজি চুক্তিৰ কেতবোৰ দফাক লৈ জিলাখন প্ৰতিবাদমুখৰ হৈ থকাৰ বাবেই এনে প্ৰতিবাদ নোহোৱা কৰাৰ বাবেহে পৰিষদৰ তৰফৰ পৰা এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে । আনহাতে, আলোচনা চক্ৰৰ বিষয়ে এইসকল লোকক পূৰ্বে জনোৱা হোৱা নাছিল বুলি অভিযোগ কৰি আলোচনা চক্ৰত অংশ গ্ৰহণ কৰাৰ বাবে প্ৰস্তুতি চলোৱাৰ বাবে পর্যাপ্ত সময় নোপোৱাৰ বাবেও অংশ গ্ৰহণ কৰাটো সম্ভৱপৰ নহয় বুলি দল-সংগঠনসমূহে উল্লেখ কৰে ।
পৰিষদৰ দ্বাৰা আয়োজিত উক্ত আলোচনা চক্ৰত অংশ গ্ৰহণ নকৰাৰ সিদ্ধান্ত ঘোষণা কৰি প্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাং, এ পি এইচ এল চিৰ সভাপতি জে আই কাথাৰ, জাকাছৰ সভাপতি খৰছিং টেৰণ, এ এছ ডি চিৰ উপ-সভাপতি সাণোছিং তেৰাং, চি চি ইউৰ উপ-সভাপতি ৰবীন্দ্ৰ ৰংপি, এইচ টি এলৰ সভাপতি চাই ৰংপি, ২৪ প্লাছ সংগঠনৰ মুখ্যআহ্বায়ক ৰতন তেৰাং, মুখপাত্ৰ লিটচন ৰংফাৰ, কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি জেমচন তিমুং আৰু চেমচন তিমুং স্বাক্ষৰিত এটা যৌথ প্ৰেছ বিবৃতিযোগেও উক্ত আলোচনা চক্ৰত অংশ গ্ৰহণ নকৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে ।
লগতে পঢ়ক : Cheat in Love : প্ৰেমিকৰ বাবে সকলো ত্যাগ কৰিও প্ৰতাৰিত হ’ল শিল্পা