ETV Bharat / state

কাৰ্বি আংলঙত ক’ভিড কেয়াৰ কেন্দ্ৰৰ পৰা দুই আচামীৰ পলায়ন - ক'ভিড কেয়াৰ কেন্দ্ৰৰ পৰা আচামীৰ পলায়ন

কাৰ্বি আংলং জিলাৰ টুম্প্ৰেঙস্থিত ক’ভিড কেয়াৰ কেন্দ্ৰৰ পৰা দুজন আচামীৰ পলায়ন ৷ পলায়ন কৰা দুই আচামী ক্ৰমে বৰলংকি টিমুং আৰু জন ইংতি ৷ আৰক্ষীৰ অভিযান অব্য়াহত ৷

2 prisoner run away from covid care centre
ক’ভিড কেয়াৰ চেন্টাৰ পৰা পলায়ন দুজন আচামী
author img

By

Published : Jun 6, 2021, 9:23 PM IST

ডিফু, ৬ জুন : পশ্চিম কাৰ্বি আংলং জিলাৰ টুম্প্ৰেঙস্থিত ক’ভিড কেয়াৰৰ কেন্দ্ৰৰ পৰা দুজন আচামী পলায়ন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি শনিবাৰে নিশা কেন্দ্ৰটোৰ খিৰিকী ভাঙি পলায়ন দুই আচামীয়ে পলায়ন কৰে ৷

ক’ভিড কেয়াৰ কেন্দ্ৰৰ পৰা পলায়ন দুজন আচামীৰ

পলায়ন কৰা দুই আচামী ক্ৰমে বৰলংকি টিমুং আৰু জন ইংতি বুলি জানিব পৰা গৈছে ৷ জিলাখনৰ বিভিন্ন প্ৰান্তত উগ্ৰপন্থী বুলি ধন দাবী কৰাৰ অপৰাধত বিগত ২৮ মে’ত দুয়োকে হামৰেণ আৰক্ষীয়ে উমৰাংচুৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বুলি জানিব পৰা গৈছে ৷

গ্ৰেপ্তাৰৰ পাচতেই ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে দুয়োগৰাকী অপৰাধীক প্ৰশাসনে টুম্প্ৰেঙস্থিত ক’ভিড কেয়াৰ চেন্টাৰত ভৰ্তি কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি, দুয়োগৰাকী অপৰাধীক কৰ'ণাৰ চিকিৎসা কৰোৱা হৈছিল ৷ কয়দী দুগৰাকীক কৰায়ত্ব কৰাৰ বাবে হামৰেণ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি থানাখনৰ আৰক্ষীয়ে জানিবলৈ দিছে ৷

লগতে পঢ়ক : বিতৰ্কিত পোষ্টৰ বাবে ত্ৰিপুৰা চিপিআই(এম)ৰ দুই নেতাক আৰক্ষীৰ তলব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.