ডিফু, ৪ জুন : ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীয়ে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান ৷ অসম-নাগালেণ্ড সীমান্তৱৰ্তী লাহৰিজানত চিআৰপিএফ আৰু আৰক্ষীৰ এক যুটীয়া অভিযানত হেৰ'ইন সহ দুই ড্ৰাগছ সৰবৰাহকাৰী আটক হয় ৷
এই সন্দৰ্ভত আৰক্ষীয়ে সদৰি কৰা মতে এক সূত্ৰৰ পম খেদি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, খটখটী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰহ্ম আৰু উপপৰিদৰ্শক মৃদুল ৰুদ্ৰ পালৰ নেতৃত্বত চলা অভিযানত বৃহৎ পৰিমাণ হেৰ'ইন সহ দুই ড্ৰাগছ সৰবৰাহকাৰী আটক কৰা হয় ৷
![drugs padler arrested in bokajan](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as10035diphu04062021suspecteddrugsseizedatbokajan_04062021192358_0406f_1622814838_226.jpg)
উক্ত অভিযানত দলটোৱে জব্দ কৰা হেৰ'ইনৰ পৰিমাণ ৬০ গ্ৰাম ৷ ইয়াৰ বজাৰ মূল্য প্ৰায় 10 লাখ হ'ব বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে, আটক হোৱা দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে কানহিয়া চাফি(২৪) আৰু অৰ্চনা বৰ্মণ (২৮) বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷
লগতে পঢ়ক: ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰক পত্র দিলে প্ৰদেশ কংগ্ৰেছৰ সঁজাতি দলে