ডিফু, 31 অক্টোবৰ: ঘোষণা কৰা হ’ল অসম অলিম্পিক সন্থাৰ সভাপতিকে ধৰি সম্পাদকৰ দুটাকৈ শীৰ্ষ পদ ৷ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অসম অলিম্পিক সন্থাৰ সভাপতি পদৰ বাবে নিৰ্বাচিত কৰাৰ বিপৰীতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক অধিষ্ঠিত কৰা হয় উপ-সভাপতি পদত ৷
এই পদত অধিষ্ঠিত হোৱাৰ পাচতেই মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ইয়াৰ বাবে মুখ্যমন্ত্ৰী, অসম অলিম্পিক সন্থাক ধন্যবাদ জনোৱাৰ লগতে ক্ৰীড়াপ্ৰেমী সকলক কৃতজ্ঞতা জ্ঞাপন কৰে ৷