ETV Bharat / state

ডিফুত পুনৰ 16 গৰাকী লোকৰ দেহত ক'ভিড-19 পজিটিভ - স্বাস্থ্য কৰ্মী

দেওবাৰে পুনৰ কাৰ্বি আংলং জিলাত 16 গৰাকী লোকৰ দেহত ক'ভিড-19 ধৰা পৰিছে ৷ আক্ৰান্ত আটাই কেইগৰাকী লোক জিলাখনৰ ডিফু চহৰৰ বুলি জানিব পৰা গৈছে ৷ আক্ৰান্ত আটাই কেইগৰাকী লোক ক'ভিড আক্ৰান্ত ওম প্ৰকাশ গুপ্তাৰ সংস্পৰ্শলৈ অহা বুলি জানিব পৰা গৈছে ৷

TODAY AGAIN 16 NEW CORONA POSITIVE CASES FOUND IN KARBI ANGLANG DIPHU
ডিফুত পুনৰ 16 গৰাকী লোকৰ দেহত ক'ভিড-19 পজিটিভ
author img

By

Published : Jul 26, 2020, 3:30 PM IST

ডিফু, ২৬ জুলাই : ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাই আহিছে ক'ভিড-19 ৰ সংখ্যা ৷ স্বাস্থ্য বিভাগ তথা প্ৰশাসনৰ লোক সকলো সময়তে সষ্টম হৈ থকাৰ পিচতো ৰোধ কৰিব পৰা নাই আক্ৰান্ত লোকৰ সংখ্যা ৷ ৰাজ্যৰ অন্ন জিলাৰ লগতে কাৰ্বি আংলং জিলাতো গণ সংক্ৰমণৰ দিশে গতি কৰিছে মহামাৰী কৰ'ণা ভাইৰাছ ৷

দেওবাৰে পুনৰ কাৰ্বি আংলং জিলাত 16 গৰাকী লোকৰ দেহত ক'ভিড-19 ধৰা পৰিছে ৷ আক্ৰান্ত আটাই কেইগৰাকী লোক জিলাখনৰ ডিফু চহৰৰ বুলি জানিব পৰা গৈছে ৷ আক্ৰান্ত আটাই কেইগৰাকী লোক ক'ভিড আক্ৰান্ত ওম প্ৰকাশ গুপ্তাৰ সংস্পৰ্শলৈ অহা বুলি জানিব পৰা গৈছে ৷

আক্ৰান্ত লোক কেইগৰাকী লোক কেইজন ক্ৰমে, বিধান দাস, ভক্ত চন্দ্ৰ ৰয়, সুজিত নাথ, ছমুদেৱ, মায়াদি হাঞ্চু , লিমিন্তা তেৰাঙপী, নীলা বে'পী , লংকিৰি তেৰাঙ , ৰূপা গুপ্তা, আদিত্য গুপ্তা , ক্থুশী গুপ্তা , অলকেশ দাস , চাৰমুকাং বে' , ছেৰদিহুন বে'পী , ৰাছিনজা বে'পি আৰু ৰামবাবু বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে, বৰ্তমানলৈ জিলাখনত 316 গৰাকী লোকৰ দেহত কৰ'ণা ভাইৰাছে দেখা দিছে ৷ ইয়াৰে 238 গৰাকী ৰোগী সুস্থ হোৱাৰ বিপৰীতে 75 গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ লগতে 3 গৰাকী ৰোগীৰ মৃত্যু হোৱা বুলি জানিব পাৰ গৈছে ৷ আনহাতে, 25 জুলাইত পুনৰ জিলাখনত স্বাস্থ্য কৰ্মী MPW মন্টু তেৰাং আৰু ডিফু মেডিকেল কলেজৰ BSC নাৰ্ছ এগৰাকীৰ লগতে ৭ গৰাকী লোকৰ দেহত ক’ভিড-19 পজিটিভ পোৱা গৈছিল ৷

লগতে পঢ়ক : প্ৰেমে নামানে লক ডাউন,প্ৰেমে নামানে বয়স...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.