ETV Bharat / state

KAAC election 2022: তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে কাইলৈ ভোট গণনা - Karbi Anglong SP

12 জুন অৰ্থাৎ কাইলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা (Vote counting of KAAC election 2022) ৷ জিলা প্ৰশাসনে ইতিমধ্যে ভোট গণনা অনুষ্ঠিত কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ডিফুৰ ষ্ট্ৰং ৰূমৰ আশে পাশে ১৪৪ ধাৰা জাৰি কৰাৰ লগতে শনিবাৰে বিয়লি তিনিবজাৰ পৰা ভোট গণনা নোহোৱালৈকে জিলাখনত 'ড্ৰাইডে' ঘোষণা কৰিছে ৷

KAAC election 2022
তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে কাইলৈ ভোট গণনা
author img

By

Published : Jun 11, 2022, 10:45 PM IST

ডিফু, ১১ জুন: দেওবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা (Vote counting of KAAC election 2022) ৷ ইতিমধ্যে জিলা প্ৰশাসনে ভোট গণনা অনুষ্ঠিত কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ নিকা, নিৰাপদ আৰু স্বচ্ছতাৰে ভোট গণনা সম্পন্ন কৰিবলৈ প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ৷ ষ্ট্ৰং ৰুমৰ প্ৰৱেশ পথৰ কাষৰ ঘাই পথত প্ৰশাসনে বেৰিকেড নিৰ্মাণ কৰিছে ৷

ইয়াৰোপৰি যিকোনো কুটাঘাতমূলক ঘটনা সংঘটিত নহ’বলৈ জিলা প্ৰশাসনে ডিফুৰ ষ্ট্ৰং ৰূমৰ আশে পাশে ১৪৪ ধাৰা জাৰি কৰাৰ(144 in Karbi Anglong) লগতে শনিবাৰে বিয়লি তিনিবজাৰ পৰা ভোট গণনা নোহোৱালৈকে জিলাখনত 'ড্ৰাইডে' ঘোষণা কৰিছে (Dry day in Karbi Anglong)৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ২৬ টা পৰিষদীয় সমষ্টিৰ বাবে পুৱা ৭ বজাৰ পৰা ভোট গণনা অনুষ্ঠিত হ’ব ৷

তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে কাইলৈ ভোট গণনা

দেওবাৰে অৰ্থাৎ 12 জুনত ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট গণনা কেন্দ্ৰত ডিফু নিৰ্বাচনী জিলাৰ অন্তৰ্গত হাওৰাঘাটত, লাংফেৰ ফুলনি, লাংহিন ,কৰকাণ্ঠি মহামায়া, নমাটি, লুম্বাজং, ধনশিৰি আৰু সিংহাসন পৰিষদীয় সমষ্টিৰ ভোট গণনা হোৱাৰ বিপৰীতে বোকাজান নিৰ্বাচনী জিলাৰ অন্তৰ্গত বোকাজান, বৰজান, সৰুপথাৰ, দেউপানী, চ'চেং ধেন্টা, নিলীপ আৰু দুৱাৰবাগৰী পৰিষদীয় সমষ্টিৰ ভোট গণনা বোকাজানত অনুষ্ঠিত হ’ব ৷

আনহাতে পশ্চিম কাৰ্বি আংলঙৰ হামৰেণ নিৰ্বাচনী জিলাৰ অন্তৰ্গত দুৱাৰ আমলা, আমৰি, চিণ্ঠং, ছচেং, ৰংখাং, বিথুং ৰেংথামা, কপিলী, হামৰেণ আৰু আমৰেঙৰ ৯ টা সমষ্টিৰ ভোট গণণা হামৰেণত অনুষ্ঠিত হ’ব ৷ ইপিনে জানিব পৰা মতে, ডিফু ভোট কেন্দ্ৰত প্ৰতিটো সমষ্টিৰ ভোট গণনাৰ বাবে ১০ খনকৈ টেবুল থকাৰ বিপৰীতে বৃহত্তম লুম্বাজং পৰিষদীয় সমষ্টিৰ বাবে ১৪ খন টেবুলত ভোট গণনা কৰা হ’ব ৷

আনহাতে জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ(Karbi Anglong SP) সৈতে হোৱা টেলিফোনিক বাৰ্তালাপৰ পৰা জানিব পৰা গৈছে যে, ভোট গণনাৰ বাবে জিলা আৰক্ষীয়ে ডিফু ভোট গণনা কেন্দ্ৰটোত তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ লগতে অতিৰিক্তভাৱে আৰু দুই তৰপীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হ’ব বুলি জনাইছে ৷

ইয়াৰোপৰি জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে ভোট গণনাৰ সময়ত ৰাইজক শান্তি-শৃংখলা বজাই ৰখাৰ বাবে আহ্বান জনাইছে ৷

লগতে পঢ়ক: নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগৰ পৰা মুক্ত হ'ল মুখ্যমন্ত্ৰী ড৹ শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.