ETV Bharat / state

ধনদাবীৰ অভিযোগত গাঁওবুঢ়াসহ তিনি প্ৰাক্তন কেপিএলটি সদস্যক আটক - Three former KPLT cadre arrested for extortion

পশ্চিম কাৰ্বি আংলং জিলাৰ চামটান নামৰ গাঁওখনত অভিযান চলাই ধন দাবীৰে জড়িত থকাৰ অভিযোগত তিনি প্ৰাক্তন কেপিএলটি সদস্যক আটক কৰিছে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

three-former-kplt-cadre-including-village-sarpanch-arrested-for-extortion
ধনদাবীৰ অভিযোগত গাঁওবুঢ়াসহ তিনি প্ৰাক্তন কেপিএলটি সদস্যক আটক
author img

By

Published : Oct 8, 2021, 10:36 PM IST

ডিফু, 8 অক্টোবৰ : পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্ত এলেকাত ধনদাবীৰ অভিযোগত তিনি প্ৰাক্তন কেপিএলটিৰ সদস্যৰ লগতে এজন গাঁওবুঢ়াক আটক কৰিছে আৰক্ষীয়ে ৷ প্ৰাপ্ত তথ্য অনুসৰি জিলাখনৰ জিৰিকিন্দেং থানাৰ অন্তৰ্গত মাকৈলুম উপ-আৰক্ষী চকী এলেকাত বিগত কিছুদিন ধৰি ধনদাবীৰ ঘটনা সংঘটিত হৈ আহিছিল ৷

এই সন্দৰ্ভত তদন্ত অব্যাহত ৰখা আৰক্ষীয়ে এক বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত শুকুৰবাৰে চামটান নামৰ গাঁওখনত অভিযান চলাই তিনি প্ৰাক্তন কেপিএলটি সদস্যক গ্ৰেপ্তাৰ কৰে ৷ ধৃত যুৱককেইজনে চামটান গাঁৱৰ গাঁওবুঢ়াৰ ঘৰত আশ্ৰয় লৈ আছিল বুলি জানিব পৰা গৈছে ৷ ধনদাবী কাৰ্যত গাঁওবুঢ়াজনো জড়িত থকা বুলি জানিব পৰা গৈছে ৷

ধনদাবীৰ অভিযোগত আৰক্ষীয়ে গাঁওবুঢ়াজনকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৷ আটকাধীন কেইজন ক্ৰমে দিন টেৰণ ওৰফে জাকৱে, মুক্তা চেনাৰ, বাবু টেৰণ আৰু বীৰেন ইংতি বুলি চিনাক্ত কৰা হৈছে ৷

লগতে পঢ়কঃ পাম অইল খেতিৰ তীব্ৰ বিৰোধিতা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.