ডিফু,8ডিচেম্বৰঃ সোমবাৰে ডিফুত এনপিপি দলৰ শীর্ষ নেতা তথা মেঘালয়ৰ মন্ত্ৰী জেমছ চাংমাৰ উপস্থিতিত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বাবে এনপিপি দলৰ এখন তদৰ্থ কমিটি গঠন কৰা হয় ৷ এক সংবাদমেল সম্বোধন কৰি জেমছ চাংমাইয়ে কয় যে,আগন্তুক দিনত কাৰ্বি আংলঙত শক্তিশালী ৰূপত এনপিপি দলে থিয় দিব ৷ পাহাৰীয়া জিলা তিনিখনৰ দীৰ্ঘদিনীয়া সংবিধান প্ৰদত্ত দাবী ২৪৪(ক) ৰূপায়ণক লৈ দলে বলিষ্ঠ ভূমিকা পালন কৰি যাব আৰু এনপিপি দলে সদায়ে উত্তৰ- পূৰ্বাঞ্চলৰ খিলঞ্জীয়া ভূমি পুত্ৰ সকলৰ সপক্ষে যুঁজ দি যাব ৷
তদুপৰি চাংমাইয়ে সংবাদমেলৰ জৰিয়তে সাংগঠনিক ভেটি মজবুত কৰিবলৈও দলৰ কৰ্মীসকলক আহ্বান জনায় ৷ আনহাতে এই অনুষ্ঠানত চাংমাৰ লগতে উপস্থিত থাকে এনপিপি দলৰ সাধাৰণ সম্পাদক এনড্ৰিউ আহুত চেমাও ৷
লগতে পঢ়কঃ কাপৰ সৈতে চোবাই খাব পৰা একাপ বিশেষ চাহ