ডিফু, ১১ ফেব্ৰুৱাৰী: পাহাৰীয়া জিলা কাৰ্বি আংলঙত স্বচ্ছ সৰ্বক্ষেণৰ সজাগতা সৃষ্টি কৰিলৈ গৈ বাংলা ভাষাৰ বৃহৎ বৃহৎ হৰ্ডিং আৰি মাতৃভাষা অসমীয়াক চৰম উপহাস কৰিছে শাসকীয় বিজেপি চৰকাৰে ৷ জাতি-মাটিৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনতেই অসমত এলাগী হৈছে অসমীয়া ভাষা ৷ ইয়াৰ বিপৰীতে বাংলা ভাষাক আঁকোৱালি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ স্বৰূপ উন্মোচিত হৈছে এই হৰ্ডিঙৰ জৰিয়তে ৷
ডিফু চহৰত অসমীয়া ভাষাৰ বিপৰীতে জিলিকি উঠিল বাংলা ভাষাৰ হৰ্ডিং ৷ স্বচ্ছতাৰ সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবলৈ বনোৱা এই হৰ্ডিঙত অসমীয়া ভাষাৰ বিপৰীতে বাংলা ভাষাৰ স্থান দখল কৰাক লৈ সচেতনৰ মহলৰ চকু কঁপালত উঠিছে । সমগ্ৰ ডিফু চহৰত অসম চৰকাৰৰ সৰ্ব শিক্ষা মিছনে আঁৰিলে বাংলা ভাষাৰ হৰ্ডিং ৷
কেৱল ডিফুতেই নহয় বোকাজানতো এনে হৰ্ডিঙ থকাৰ কথা জানিব পৰা গৈছে । বিজেপি চৰকাৰৰ জাতি, মাটি শ্ল’গান এক প্ৰকাৰ যে ভুৱা তাকেই যেন পুনৰ প্ৰতিপন্ন কৰিলে আছুৰ কেন্দ্ৰীয় সদস্য ছৰ্জুন হাঞ্চেই সংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়াৰ লগতে বাংলা হৰ্ডিংবোৰ শীঘ্ৰে আঁতৰ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি নেতাগৰাকীয়ে হুংকাৰ প্ৰদান কৰে ।
লগতে পঢ়ক: অখিল গগৈৰ জামিন আবেদন নাকচ