ETV Bharat / state

Suspicion of witch at Diphu: ডিফুত ডাইনীৰ সন্দেহত দম্পতীক অত্যাচাৰ ৰাইজৰ

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 7:14 PM IST

ৰাজ্যত পুনৰ ডাইনী সন্দেহৰ ঘটনা ৷ ডাইনীৰ সন্দেহত সোমবাৰে নিশা এজন লোকক অত্যাচাৰ চলাই একাংশ লোকে ৷ ডিফুৰ কাকতি ৰংহাং বৰছিং তিমুং গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷

incident of Suspicion of witch  at Diphu
ডিফুত ডাইনীৰ সন্দেহত দম্পতীক অত্যাচাৰ ৰাইজৰ

ডিফু, 14 নৱেম্বৰ : যি সময়ত কুসংস্কাৰ আৰু ডাইনীৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে বিৰুৱালা দেবীৰ দৰে মহিলা ওলাই আহিছে তেনে সময়তে পুনৰ এইখন অসমতে ডাইনী সন্দেহৰ ঘটনা সংঘটিত হৈছে ৷ ঘটনা অনুসৰি, সোমবাৰে নিশা ডাইনীৰ সন্দেহত ডিফুৰ কাকতি ৰংহাং বৰছিং তিমুং গাঁৱত এজন লোকক অত্যাচৰ চলাই গাঁওখনৰে একাংশ লোকে ৷

জানিব পৰা মতে, গাঁওখনৰ এগৰাকী পূজাৰীৰ মৃত্যুৰ পিচৰে পৰা সুৰেন তেৰাং নামৰ লোকজনৰ পৰিয়ালক ডাইনীৰ সন্দেহ কৰিছিল গাঁঁওখনৰে একাংশ লোকে ৷ যোৱা জুলাই মাহৰ পৰা পৰিয়ালটোক গাঁৱৰ একাংশ লোকে ডাইনীৰ সন্দেহ কৰি বিভিন্ন অত্যাচাৰ কৰিবলৈ ধৰিছিল ৷ কিন্তু চৰকাৰী গাঁওবুঢ়া বৰছিং তিমুঙৰ বাবে তেৰাঙৰ পৰিয়ালটো সুৰক্ষিত হৈ আছিল ৷ 4 দিনৰ পূৰ্বে চৰকাৰী গাঁওবুঢ়া বৰছিং তিমুঙৰ মৃত্যু হয় ৷ সেয়ে সোমবাৰে আছিল গাঁওবুঢ়াৰ আদ্যশ্ৰাদ্ধ ৷

ইফালে সোমবাৰে নিশা প্ৰায় 11.30 বজাত গাঁৱৰ ৰাইজে সুৰেন তেৰাং আৰু তেওঁৰ পত্নী মিনতি ৰংফাৰপীক জালেৰে মেৰিয়াই নিৰ্জন স্থানলৈ লৈ যায় ৷ ডাইনীৰ সন্দেহত ৰাইজে অত্যাচাৰ কৰে দম্পতীক ৷ আনহাতে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত নিশাই আৰক্ষীয়ে খবৰ লাভ কৰে ৷ তাৰ পাচতে ডিফু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে সুৰেন তেৰাং আৰু তেওঁৰ পত্নীক ৷

আনহাতে ৰাইজৰ অত্যাচাৰ সহিব নোৱাৰি গাঁও এৰাৰ সিদ্ধান্ত লৈছে ভুক্তভোগী পৰিয়ালটোৱে ৷ ইফালে আৰক্ষী থানাত থকা তেৰাঙে পুত্ৰসহ 3 গৰাকী কন্যাক ঘৰত এৰি থৈ আহিছে ৷ সেয়ে সন্তান কেইটাৰ বাবে চিন্তিত বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিলে ভুক্তভোগী তেৰাঙে ৷ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই এই সন্দৰ্ভত কয়, বুধবাৰৰ পৰা উক্ত অঞ্চলসমূহত সজাগতা সৃষ্টিৰ বাবে সভা অনুষ্ঠিত কৰা হ’ব ৷

লগতে পঢ়ক:Accident in Diphu: কাৰ্বি কালচাৰেল ছ’চাইটিৰ সভাপতিৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.