ETV Bharat / state

Drugs Seized in Karbi Anglong: লাহৰিজানত বিলাসী বাহনত উদ্ধাৰ তিনি কোটি টকা মূল্যৰ সন্দেহযুক্ত হেৰ'ইন - Operation against Drugs in Karbi Anglong

কাৰ্বি-আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তঞ্চলৰ লাহৰিজানত বিলাসী বাহনত উদ্ধাৰ প্ৰায় তিনি কোটি টকা মূল্যৰ সন্দেহযুক্ত হেৰ'ইন ৷ এম এন ০১ এ জি ১৪৬৪ পঞ্জীয়ন নম্বৰৰ এখন টাটা নেক্সন বাহনত লুকুৱাই অনা অৱস্থাত ৫৬৬ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ আৰক্ষীৰ ৷ এই সন্দৰ্ভত বাহনখনৰ চালকক আটক আৰক্ষীৰ (Drugs paddler arrested in Karbi Anglong) ৷

Drugs Seized in Karbi Anglong
কাৰ্বি আংলঙৰ লাহৰিজানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ
author img

By

Published : Mar 28, 2023, 2:18 PM IST

ডিফু, ২৮ মাৰ্চ: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ কঠোৰ ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হৈছে বহু সংখ্যক ড্ৰাগছ সৰবৰাহকাৰী (Assam police drive against drugs) ৷

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হৈছে যদিও এতিয়াও ৰাজ্যৰ ঠায়ে ঠায়ে সৰবৰাহকাৰীয়ে নিতৌ ন ন কৌশল অৱলম্বন কৰি মাৰাত্মক ড্ৰাগছ সৰবৰাহৰ অপচেষ্টা অব্যাহত ৰাখিছে ৷ কাৰ্বি-আংলঙতো মাৰাত্মক ড্ৰাগছ আৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Drugs Seized in Karbi Anglong
কাৰ্বি আংলঙৰ লাহৰিজানত বিলাসী বাহনত উদ্ধাৰ প্ৰায় তিনি কোটি টকা মূল্যৰ সন্দেহযুক্ত হেৰ'ইন

কাৰ্বি-আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্ত অঞ্চলত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই পুনৰ এক বৃহৎ সফলতা লাভ কৰিছে আৰক্ষীয়ে ৷ সৰবৰাহকাৰীৰ প্ৰতিটো অপচেষ্টা প্ৰতিহত কৰিবলৈ সীমান্ত পথত শেন দৃষ্টি ৰখা অসম আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত খটখটী থানাৰ এলেকাধীন লাহৰিজান আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত C-20 চিআৰপিএফ আৰু চকী ষ্টাফৰ সহযোগত পুৰণা লাহৰিজানত এক তালাচী চলায় (Operation against Drugs in Karbi Anglong) ৷

তালাচী কালত আজি পুৱা প্ৰায় ৮ বজাত এম এন ০১ এ জি ১৪৬৪ পঞ্জীয়ন নম্বৰৰ এখন টাটা নেক্সন বাহনত তালাচী চলাই বাহন খনৰ পৰা মুঠ ৪৫ টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ৫৬৬ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ হেৰ'ইনখিনি সৰবৰাহকাৰীয়ে কৌশলেৰে বাহনখনৰ ইন্ধনৰ টেংকিৰ ওপৰত গোপন চেম্বাৰ নিৰ্মাণ কৰি তাত ভৰাই সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল ৷ কিন্ত আৰক্ষীৰ তৎপৰতাৰ বাবে সৰবৰাহকাৰীৰ এই অপচেষ্টা ব্যৰ্থ হয় (Police Arrested Drugs paddler in Karbi Anglong) ৷

এই সন্দৰ্ভত বাহনখনৰ চালক মণিপুৰৰ সেনাপতি জিলাৰ জিলটং মানলুনৰ পুত্ৰ পাওখানলাল মানলুন (২৭)ক আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে ৷ উদ্ধাৰ হোৱা হেৰ'ইনখিনি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ উপস্থিতিত জব্দ কৰা হয় ৷ সন্দেহযুক্ত হেৰ'ইন খিনিৰ বজাৰমূল্য প্ৰায় তিনি কোটি টকা হ'ব বুলি জানিব পৰা গৈছে (Drugs paddler arrested in Karbi Anglong) ৷

লগতে পঢ়ক:Illegal sand mining: কলগাছিয়াৰ বৰটাৰীত দিনে নিশাই নৈৰ বুকুত অবৈধ খনন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.