ডিমা হাছাও, 24 অক্টোবৰঃ ডিমা হাছাওত শেহতীয়াকৈ জাতিংগা মহোৎসৱকলৈ সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ ৷ জাতিংগাত 144 ধাৰা বলবৎ থকাৰ সময়তেই প্ৰশাসনে মহোৎসৱৰ অনুমতি প্ৰদান কৰাকলৈ সৃষ্টি হৈছে বিতৰ্কৰ ৷ বৃহস্পতিবাৰে এই সন্দৰ্ভত তদন্তৰ নিৰ্দেশ প্ৰদান কৰে আৰক্ষী অধীক্ষকে ৷
উল্লেখ্য যে, বুধবাৰে উত্তৰ-কাছাৰ স্বায়িত্ত শাসিদ পৰিষদৰ কংগ্ৰেছ সদস্য ডেনিয়েল লাংথাচাই সংবাদমেলযোগে এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰিছিল ৷ তেওঁ কয় যে, 30 ছেপ্টেম্বৰত জিলা দণ্ডাধীশ তথা জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাই এক নিৰ্দেশত জাতিংগা আৰু দিহিঙত চৰাই অহাৰ কাৰণে 144 ধাৰা বলবৎ কৰিছিল। নিৰ্দেশত উল্লেখ কৰা হৈছিল আগষ্ট মাহৰ পৰা ডিচেম্বৰলৈ দেশ বিদেশৰ পৰা পৰিভ্ৰমী চৰাই জাতিংগালৈ আহে ৷ এই বাবে জাতিংগাত উচ্চ ক্ষমতা সম্পন্ন হেল'জেন লাইটৰ ব্যৱহাৰ,চৰাই চিকাৰ,আৰু অস্ত্ৰসহিতে প্ৰৱেশ নিষিদ্ধ কৰা হয় ৷ লগতে তেখেত অভিযোগ উত্থাপন কৰে জাতিংগা মহোৎসৱলৈ অহা অতিথি সকলে চৰাই ধৰি আনন্দত মতলীয়া হৈ চ'চিয়েল মিডিয়াত আপলোড কৰিছে ৷ এই সন্দৰ্ভত কংগ্ৰেছ নেতাগৰাকীয়ে জিলা উপায়ুক্তক এখন অভিযোগনামা দাখিল কৰিছে ৷ মহোৎসৱৰ আয়োজক সকলৰ বিৰুদ্ধেও হাফলং আৰক্ষী চকীত এজেহাৰ দাখিল কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ ইপিনে, ডেনিয়েল লাংথাছাৰ অভিযোগৰ ভিত্তিত আৰক্ষী অধীক্ষকক তদন্তৰ দায়িত্ব প্ৰদান কৰিছে জিলা উপায়ুক্তই ৷
আৰু পঢ়োক জাতিংগা মহোৎসৱক লৈ তীব্ৰ বিতৰ্ক