ETV Bharat / state

ডিফুত প্ৰাক্তন বিদ্ৰোহী কেডাৰক কৌশল বিকাশৰ প্ৰশিক্ষণ

চুক্তি স্বাক্ষৰকাৰী প্ৰতিজন প্ৰাক্তন বিদ্ৰোহীয়ে লাভ কৰিব 4 লাখৰ এককালীন সাহায্য (Financial aid to ex karbi militants) ৷ শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে ডিফুৰ কৰবৰেটাম এণ্ড ক্ৰাফট চেন্টাৰত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকি KAACৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে এই কথা সদৰি কৰে ৷

author img

By

Published : Apr 9, 2022, 9:37 PM IST

ডিফুত প্ৰাক্তন বিদ্ৰোহী কেডাৰক কৌশল বিকাশৰ প্ৰশিক্ষণ
ডিফুত প্ৰাক্তন বিদ্ৰোহী কেডাৰক কৌশল বিকাশৰ প্ৰশিক্ষণ

ডিফু, 9 এপ্ৰিল: বিগত চাৰি এপ্ৰিলত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰা কাৰ্বি আংলং জিলাৰ 6 টাকৈ প্ৰাক্তন সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ দুই সহস্ৰাধিক কেডাৰৰ আত্ম সংস্থাপনৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে (Rehabilitation of ex karbi militants) ।

সেই অনুসৰি সম্প্ৰতি সাধাৰণ জীৱন যাপন কৰিবলৈ লোৱা প্ৰাক্তন বিদ্ৰোহী সদস্যসকলক চৰকাৰৰ তৰফৰ পৰা চাৰি লাখকৈ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হʼব ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক 15 এপ্ৰিলত ডিফুত এইসকল প্ৰাক্তন বিদ্ৰোহী সদস্যৰ মাজত এককালীন সাহায্যৰ চেক বিতৰণ কৰিব ।

ইফালে, চৰকাৰৰ পৰা লাভ কৰিবলগীয়া এই ধনৰাশিৰ যাতে সঠিক ব্যৱহাৰ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীৰ বিশেষ শাখাৰ উদ্যোগত তথা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ সহযোগিতাত প্ৰাক্তন বিদ্ৰোহী সকলক স্ব-নিয়োজনৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷

শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ডিফুৰ কৰবৰেটাম এণ্ড ক্ৰাফট চেন্টাৰত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিবিৰৰ শনিবাৰে সফল সামৰণি পৰে । এই অনুষ্ঠানৰ যোগেদি কে পি এল টিৰ তিনিটা গোটৰ কেডাৰসকলক দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ বিপৰীতে পি ডি চি কে, কে এল এন এল এফ আৰু ইউ পি এল এৰ কেডাৰসকলক অনুৰূপ প্ৰশিক্ষণ প্ৰদান কৰা হয় ।

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাং এই প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকে ৷ সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে স্ব-নিয়োজনৰ ক্ষেত্ৰত প্ৰাক্তন বিদ্ৰোহীসকলক কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ তৰফৰ পৰা সকলো ধৰণে সহায়ৰ হাত আগবঢ়োৱা হʼব বুলি মন্তব্য কৰে ।

লগতে মীনপালন, গাহৰি, হাঁহ-কুকুৰা পালনৰ জৰিয়তে স্বাৱলম্বী হʼবলৈ প্ৰাক্তন বিদ্ৰোহীসকলক পৰামৰ্শ আগবঢ়ায় । আনহাতে, মীন পালনৰ বাবে প্ৰয়োজনীয় পুখুৰী খান্দিবলৈ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ তৰফৰ পৰা বিনামূলীয়াকৈ এক্সকেভেটৰৰ যোগান ধৰা হʼব বুলি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সদৰি কৰে ।

লগতে পঢ়ক: হিন্দী বিষয় বাধ্যতামূলক কৰাকলৈ সৰৱ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.