ETV Bharat / state

কাজিৰঙাত দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ হ’ব ছেটেলাইট ফোন

author img

By

Published : Aug 11, 2021, 9:09 PM IST

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিছে এটা সুখবৰ ৷ এতিয়াৰ পৰা সুৰক্ষাৰ ক্ষেত্ৰত শক্তিশালী হ’ব কাজিৰঙাৰ সুৰক্ষাকৰ্মী সকল ৷ কিয়নো চৰকাৰৰ উদ্যোগত কাজিৰঙাৰ বাবে গ্ৰহণ কৰা হৈছে এক বিশেষ ব্যৱস্থা ৷

Satellite phones to be used in Kaziranga national park
দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে কাজিৰঙাত ব্যৱহাৰ হ'ব ছেটেলাইট ফোন

গুৱাহাটী, ১১ আগষ্ট : সমগ্ৰ দেশৰ ভিতৰতে ছেটেলাইট ফোনৰ ব্যৱহাৰ কৰা প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে পৰিগণিত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ চোৰাং চিকাৰ ৰোধ কৰাৰ স্বাৰ্থত ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ দায়িত্ব থকা বনকৰ্মীসকলৰ মাজত বিতৰণ কৰা হৈছে দহটাকৈ ছেটেলাইট ফোন ৷

এটা খৰ্গৰ গঁড়ৰ বাবে সমগ্ৰ বিশ্বতে পৰিচিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা কৰ্মীসকলক ছেটেলাইট ফোন যোগান ধৰি সুৰক্ষাৰ দিশটোক অধিক সবল কৰি তোলাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত যোৱা ২৭ মে' কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ য'ত পৰিৱেশ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্তৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয়া জিলাসমূহৰ উপায়ুক্ত আৰু শীৰ্ষস্থানীয় বন বিষয়াসকল উপস্থিত আছিল ।

লগতে পঢ়ক : কাজিৰঙাৰ ক’ত কেনেকৈ নিৰ্মাণ হ’ব এলিভেটেড ক’ৰিডৰ ?

এই বৈঠকৰ সিদ্ধান্ত অনুসৰি বুধবাৰে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰৰ হাতত কৰে এই ছেটেলাইট ফোন ৷ জানিব পৰা মতে এই ছেটেলাইট ফোনসমূহ উদ্যানখনৰ মোবাইল বা ৱায়াৰলেছ সেৱা উপলব্ধ নথকা ছটা ৰেঞ্জত ব্যৱহাৰ কৰা হ'ব ।

জানিব পৰা মতে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তৰফৰ পৰা এই ১০ টা ছেটেলাইট ফোন ক্ৰয় কৰা হৈছে ৷ ফোনকেইটাৰ নেটৱৰ্ক সেৱা BSNL ৰ তৰফৰ পৰা আগবঢ়োৱা হ'ব । তদুপৰি এই সেৱাৰ মাহিলী খৰচ ব্যয় কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

লগতে পঢ়ক: বৃহস্পতিবাৰে আত্মসহায়ক গোটৰ মহিলাৰে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

ইফালে, BSNLৰ তৰফৰ পৰা মোবাইল সেৱা উপলব্ধ নোহোৱা স্থানত এই ফোন ব্যৱহাৰ কৰাৰ পদ্ধতিৰ বিষয়ে বনকৰ্মীসকলক প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিছে ৷ ৰাষ্ট্ৰীয় উদ্যানখনত ছেটেলাইট ফোনৰ ব্যৱস্থা কৰাৰ পাচতে চোৰাং চিকাৰ ৰোধ কৰাৰ ক্ষেত্ৰত উদ্যান কৰ্তৃপক্ষ অধিক ফলপ্ৰসূ হ'ব ৷

এই ক্ষেত্ৰ ৰাজ্যৰ বন বিভাগক পদক্ষেপত সন্তুষ্টি প্ৰকাশ কৰি সঞ্চালক পি শিৱ কুমাৰে কয়, ছেটেলাইট ফোনৰ জৰিয়তে কৰ্মীসকলৰ মাজত সমন্বয় ৰক্ষা কৰাত সহায়ক হ'ব । বিশাল উদ্যানখনৰ পৰিচালনাৰ বাবে যোগাযোগৰ ক্ষেত্ৰত কোনো সমস্যা নাথাকিব । এই ফোনৰ দ্বাৰা আমাৰ কৰ্মীসকল চোৰাং চিকাৰীতকৈ সদায় এটা খোজ আগত থাকিব আৰু বাঢ়নী পানীৰ নিচিনা জৰুৰীকালীন পৰিস্থিতিত নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো সুবিধা হ'ব ৷

লগতে পঢ়ক: চফ্ৰাইৰ শিশুটিক দেউতাকেই তুলি দিলে নেকি মৃত্যুৰ কোলাত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.