ডিফু,5 এপ্ৰিল: দেওবাৰে নিশা কাৰ্বি আলঙৰ মাঞ্জাত সংঘটিত হয় এক শোকাৱহ পথ দূৰ্ঘটনা ৷ নিশা প্ৰায় 9 বজাত মাঞ্জা থানাত গাড়ীৰ চালক হিচাপে নিযুক্তি পোৱা হোম গাৰ্ড সঞ্জীত নাথে লংনিটৰ পৰা মাঞ্জাস্থিত নিজ গৃহাভিমুখে আহি থকা অৱস্থাতে ৰংবং পথাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনাত পতিত হয় ৷ একেদিশৰে পৰা অহা NL-01-AC-6349 নম্বৰৰ 12 চকীয়া ট্ৰাকখনে সঞ্জীত নাথক পিছফালৰ পৰা খুন্দিয়াই দিয়াৰ ফলত থিতাতে নিহত হয় ৷
ঘটনা সংঘটিত কৰি ট্ৰাক চালকজনে তীব্ৰ বেগে পলাবলৈ যাওঁতেই আমলখিৰ ওচৰত গাড়ীখন পুনৰ দূৰ্ঘটনাত পতিত হয় ৷ ভাগ্যক্ৰমে চালকজন ঘটনাস্থলীৰ পৰা পলাবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে ট্ৰাকখনৰ হেণ্ডিমেনক আটক কৰে ৷
আনহাতে, হোম গাৰ্ডজনৰ মৃত্যুৰ খবৰ লাভ কৰি কাৰ্বি আংলং মটৰ পৰিবহন আৰু চালক সন্থাই প্ৰয়াত সঞ্জীত নাথৰ পৰিয়ালবৰ্গলৈ গভীৰ শোক আৰু সমবেদনা জ্ঞাপন কৰে ৷ এক প্ৰেছ বিবৃতি যোগে সন্থাটোৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে আব্দুল নুৰ আৰু কৃষ্ণ ভট্টৰায়ে প্ৰয়াত সঞ্জীত নাথৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰে ৷
লগতে পঢ়ক: সৰুক্ষেত্ৰীত ব্যাপক নিৰ্বাচনী হিংসা