ডিফু, 11 ছেপ্তেম্বৰ: কাৰ্বি আংলঙৰ লাংহিনত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এখন ট্ৰাক আৰু এখন ছুইফ্ট ডিজায়াৰ বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত নিহত হয় ছুইফ্ট ডিজায়াৰ বাহনত থকা দুজনকৈ আৰোহী ৷ লাংহিন নগৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ পূৱত থকা ফুলনি হাঁহ প্ৰজনন পাম আৰু প্ৰদৰ্শন গোটৰ সমীপৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল এই দুৰ্ঘটনাটো । উল্লেখ্য যে, বুধবাৰে নিশা প্ৰায় 8 মান বজাত গুৱাহাটীৰ পৰা ডিমাপুৰ অভিমুখী 16 চকীয়া WB 23 F 1002 নম্বৰৰ ট্ৰাক আৰু বিপৰীত দিশৰ পৰা আহি থকা AS 02 AB 1906 নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ বাহনৰ মাজত সংঘটিত হৈছিল ভয়াৱহ এই মুখামুখি সংঘৰ্ষটো ৷
দুৰ্ঘটনাটোত ছুইফ্ট বাহন খনত থকা এজন আৰোহীৰ থিতাতে মৃত্যু হোৱাৰ লগতে আনজন ব্যক্তিৰ নিকটৱৰ্তী ডকমকা চিকিৎসালয়ত মৃত্যু ঘটিছিল ৷ নিহত দুজন ক্ৰমে দীপ বৰা আৰু নিৰ্মল বৰা বুলি জানিব পৰা গৈছে ৷ ঘটনাটোৱে পাহাৰীয়া জিলাখনত পেলালে শোকৰ ছাঁ ৷
লগতে পঢ়কঃ গোসাইগাঁৱত শোকাবহ পথ দূৰ্ঘটনাঃ নিহত এজন