ETV Bharat / state

ন-বিজেপি ধনছিং ডেৰাৰ বিৰুদ্ধে ক্ষোভ কাৰ্বি আংলঙৰ বহু সংগঠনৰ - reaction on mac pawan kumar

বিজেপি যোগদান কৰাৰ পিছতে স্বায়ত্ত্বশাসিত পৰিষদৰ অ-জনজাতীয় পাৰিষদৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰৰ কথা ঘোষণা কৰাৰ পিছতে ক্ষোভিত হৈছে কাৰ্বি আংলঙৰ বহু দল সংগঠন । কপিলী পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত অ-জনজাতীয় সদস্য পৱন কুমাৰ ৰায়ৰ সদস্য পদৰ বৈধতা সন্দৰ্ভত ধনছিং ডেৰাই চলাই থকা গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জিলাখনৰ কেইবাটাও সংগঠনে ।

ন-বিজেপি ধনছিং ডেৰাৰ বিৰুদ্ধে ক্ষোভ কাৰ্বি আংলঙৰ বহু সংগঠনৰ

author img

By

Published : Mar 21, 2021, 1:08 PM IST

ডিফু,২১ মাৰ্চ: কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ কপিলী পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত অ-জনজাতীয় সদস্য পৱন কুমাৰ ৰায়ৰ সদস্য পদৰ বৈধতা সন্দৰ্ভত ধনছিং ডেৰা নামৰ এজন লোকে চলাই থকা গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰা মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জিলাখনৰ কেইবাটাও সংগঠনে ।

উল্লেখ্য যে, ডেৰাই যোৱা বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিজেপি দলত অংশগ্ৰহণ কৰাৰ পিছতে কপিলীৰ পাৰিষদ পৱন কুমাৰ ৰায়ৰ সৈতে এক যুটীয়া সংবাদমেল সম্বোধন কৰি পৱন কুমাৰ ৰায়ৰ বিৰুদ্ধে বিচাৰাধীন অবস্থাত থকা গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱা বুলি ঘোষণা কৰিছিল । অৱশ্যে পৰিষদৰ আন দুগৰাকী অ-জনজাতীয় নিৰ্বাচিত সদস্যৰ বিৰুদ্ধে থকা একে গোচৰ সন্দৰ্ভত তেওঁ কোনো মন্তব্য প্ৰকাশৰ পৰা বিৰত আছিল । ন-বিজেপিগৰাকীৰ এনে মন্তব্যৰ বিৰুদ্ধে শনিবাৰে এক সংবাদমেল আয়োজন কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজনৈতিক দল এপিএইচএলচিয়ে ।

ন-বিজেপি ধনছিং ডেৰাৰ বিৰুদ্ধে ক্ষোভ কাৰ্বি আংলঙৰ বহু সংগঠনৰ
ন-বিজেপি ধনছিং ডেৰাৰ বিৰুদ্ধে ক্ষোভ কাৰ্বি আংলঙৰ বহু সংগঠনৰ

ডিফুৰ জিলা প্ৰেছ ক্লাৱত সংবাদমেলৰ আয়োজন কৰি দলটোৰ মুখপাত্ৰ আংতং ইংতিয়ে কয় যে সকলো ফালৰ পৰা পিছপৰা জিলাখনৰ পাৰ্বত্য জনজাতিৰ লোকসকলৰ উন্নতিৰ বাবে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ পিছতো তুলিৰাম ৰংহাং নেতৃত্বাধীন স্বায়ত্ত্বশাসিত পৰিষদে তিনিজনকৈ অ-জনজাতীয় লোকক পৰিষদলৈ নিৰ্বাচিত কৰি অনা কাৰ্যই জিলাখনৰ জনজাতীয় লোকসকলক ক্ষুন্ন কৰি তুলিছে । পৰিষদ কৰ্তৃপক্ষই ইয়াৰ পিছতো পুনৰ আন কেইবাগৰাকীও অজনজাতীয় লোকক পুনৰ পৰিষদৰ মনোনীত সদস্য হিচাপে নিৰ্বাচিত কৰি অনা বুলি মুখপাত্ৰ গৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে ।

আনহাতে জিলাখনৰ ২৪তকৈ অধিক সংঠনৰ যৌথ মঞ্চই বিয়লি জিলা প্ৰেছ ক্লাৱত আন এক সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত নিজা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । সংগঠনটোৰ আহ্বায়ক ক্ৰমে ধনছিং ৰংহাং, ৰতন তেৰাং আৰু লিটচন ৰংফাৰে সংবাদমেল সম্বোধন কৰি ধনছিং ডেৰাৰ সিদ্ধান্তক লৈ বিভ্ৰান্ত হ’ব নালাগে বুলি আহ্বান জনাই একেটা বিষয় সন্দৰ্ভত চলি থকা বাকীকেইটা গোচৰ প্ৰত্যাহাৰ কৰা নহয় বুলি সদৰি কৰে। লগতে অহা ২৫ মাৰ্চত গোচৰটোৰ শুনানি থকা বুলি মন্তব্য কৰি গোচৰটোত গোচৰীয়া পক্ষই জয়লাভ কৰিব বুলি দৃঢ়মত প্ৰকাশ কৰে ।

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত উল্লেখ থকা অনুসৰি এলেকাটোত অ-জনজাতীয় লোকসকলৰ আনকি ভোটদানৰ অধিকাৰো নাই বুলি মন্তব্য কৰি সংবিধান অনুসৰি নিজ অধিকাৰ সাব্যস্ত কৰাৰ বাবেহে সংগঠনটোৱে এনে পদক্ষেপ লোৱা বুলি কয় । আনহাতে, কোনো ব্যক্তি, সম্প্ৰদায় বা দলৰ সৈতে সংগঠনটোৰ কোনো অন্য বিৰোধিতা নাই বুলি সংগঠনটোৰ নেতৃবৰ্গই সংবাদমেলত স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক:২২মাৰ্চত অসমৰ চাহ বাগিচা বন্ধৰ ঘোষণা বাতিল আটছাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.