ETV Bharat / state

Congress Press Meet : তুলিৰাম ৰংহাঙৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি পাহাৰৰ উন্নয়ন চাবলৈ আহিব দেবব্ৰত শইকীয়া - বিৰোধী দলপতি

তুলিৰাম ৰংহাঙৰ প্ৰত্যাহ্বান গ্ৰহণ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷ নৱেম্বৰত পাহাৰৰ উন্নয়ন চাবলৈ আহিব বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷ আৰ টি আই কৰ্মী মোহন ৰংপিক অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ নিযুক্তি ৷

Press Meet of Karbi Anglong District Congress
কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল সম্বোধন
author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 10:21 PM IST

আৰ টি আই কৰ্মী মোহন ৰংপিক প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ নিযুক্তি

ডিফু, ১৯ অক্টোবৰ : আৰ টি আই কৰ্মী মোহন ৰংপিক প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ নিযুক্তি ৷ ১২ অক্টোবৰত অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰৰূপে নিযুক্তি পোৱাৰ পিছতে বৃহস্পতিবাৰে কাৰ্বি আংলং জিলা কংগ্ৰেছৰ ডিফুস্থিত কাৰ্যালয়ত মোহন ৰংপি আৰু জিলা কংগ্ৰেছৰ উপ-সভাপতি ৰাতুল টেৰণে এক সংবাদমেল সম্বোধন কৰে ৷ উল্লেখ্য যে আৰ টি আই কৰ্মী মোহন ৰংপি কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদত বিভিন্ন সময়ত সংঘটিত হোৱা বিভিন্ন দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ আহিছে ৷

মোহন ৰংপি প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ নিযুক্ত হোৱাৰ পিছতে বৃহস্পতিবাৰে পুনৰ কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে স্বজন-তোষণেৰে পৰিষদৰ ঠিকা-ঠুকলি পৰিয়ালৰ লোকক দিয়াৰ অভিযোগ কৰে ৷ তেওঁ কয় যে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অসম বিধান সভাৰ বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াক কাৰ্বি আংলঙলৈ আহি উন্নয়নৰ গংগা চাবলৈ আহ্বান জনাইছিল ৷ দেবব্ৰত শইকীয়াই পথ নিৰ্মাণৰ নামত ১০০ কোটি টকাৰ কেলেংকাৰী, স্বজন-তোষণ হোৱা বুলি কৰা অভিযোগ মিছা বুলি কৈ তেওঁক কাৰ্বি আংলঙ চাবলৈ আহিবলৈ কৈছিল তুলিৰাম ৰংহাঙে ৷

বৃহস্পতিবাৰে সংবাদমেলত কংগ্ৰেছ দলৰ নেতা দুগৰাকীয়ে কয় যে ৰংহাঙৰ প্ৰত্যাহ্বান দেবব্ৰত শইকীয়াই গ্ৰহণ কৰিছে ৷ তেওঁ নবেম্বৰত আহি যি কেইটা পথ নিৰ্মাণত কেলেংকাৰী হোৱাৰ অভিযোগ কৰিছিল সেয়া তথ্য সহকাৰে সংবাদ মাধ্যমৰ আগত অৱগত কৰাৰ লগতে পথ কেইটা পৰিদৰ্শন কৰিব বুলি কয় ৷ মোহন ৰংপিয়ে সংবাদমেলত এম অ এছ আৰু মুখ্যমন্ত্ৰীৰ বিশেষ পেকেজৰ পথ নিৰ্মাণত ক’ত ক’ত দুৰ্নীতি হৈছে, কিদৰে ভাতৃ আৰু কাচ্ছে কনষ্ট্ৰাকশ্যনক কাম দিছে তাৰো ব্যাখ্যা কৰে ৷ লগতে তেওঁ কয় যে ২০২৪ চনত দেশত কংগ্ৰেছৰ চৰকাৰ হ’ব আৰু তেতিয়া কাৰ্বি আংলঙৰ দুৰ্নীতিৰ তদন্ত চি বি আইক দিয়া হ’ব ৷

লগতে পঢ়ক : Assam Governor at Moran : মন্ত্ৰী-বিধায়কৰ উপস্থিতিত ১০ মিনিট আন্ধাৰতে থাকিল ৰাজ্যপাল কাটাৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.