ETV Bharat / state

কাৰ্বি যুৱ মহোৎসৱৰ 95 শতাংশ কাম সম্পন্ন, উপস্থিত থাকি দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 7:17 AM IST

Karbi Youth Festival 2024 : ন-ৰূপত উদ্ভাসিত হৈছে ডিফু চহৰ ৷ 50 সংখ্যক কাৰ্বি যুৱ মহোৎসৱক লৈ সাজু হৈছে আয়োজক কমিটি ৷ 12-19 জানুৱাৰীলৈকে অনুষ্ঠিত হ’বলগীয়া মহোৎসৱত উপস্থিত থাকিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু ৷

Preparation of Karbi Youth Festival in Diphu
50সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ 95 শতাংশ কাম সম্পন্ন

ডিফু, 8 জানুৱাৰী : 50 সংখ্যক কাৰ্বি যুৱ মহোৎসৱলৈ মাজত মাত্ৰ 4 টা দিন ৷ 12 জানুৱাৰীৰ পৰা 19 জানুৱাৰীলৈকে কাৰ্বি যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি আৱাল বৃদ্ধ-বণিতালৈকে আত্মহাৰা হৈ পৰিব মহোৎসৱটিকলৈ ৷ কাৰ্বি লোক-কৃষ্টি, সংস্কৃতিৰ সুবাস বিলাবলৈ ন-কইনাৰ দৰে সাজি তোলা হৈছে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ সমীপৱৰ্তী কাৰ্বি পিপুলছ হল তথা বৃহৎ তাৰালাংছৰ বাকৰি ৷

এই বছৰ 7 দিনীয়া কাৰ্যসূচীলৈ আৰম্ভ হ'ব 50 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ ৷ 827 বিঘাৰ ভূমি ক্ষেত্ৰৰে বেৰি থকা তাৰালাংচৰ বৃহৎ প্ৰকল্পটোত কাৰ্বি জাতীয় জীৱনৰ সোপান আৰু ডেকা-গাভৰুৰ প্ৰেমাস্পদৰ অন্যতম উৎসৱ 'কাৰ্বি যুৱ মহোৎসৱ' প্ৰতি বছৰৰ দৰে এই বছৰো আথে-বেথে আদৰি ল’বলৈ উদগ্ৰীৱ হৈ পৰিছে উদযাপন সমিতি ৷ প্ৰায় 13 কোটি টকা ব্যয় সাপেক্ষে কাৰ্বি যুৱ মহোৎসৱৰ প্ৰস্তুতি তুংগত কৰি তোলা হৈছে ৷

ইফালে 17 জানুৱাৰীৰ কাৰ্বি যুৱ মহোৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু ৷ ৰাষ্ট্ৰপতিৰ লগতে অসম, মেঘালয় আৰু নাগালেণ্ডৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ৷ তদুপৰিও জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ অংশগ্ৰহণে যুৱ মহোৎসৱটিক এক অন্য মাত্ৰা প্ৰদান কৰিব বুলি আশা ব্যক্ত কৰা হৈছে ৷

কাৰ্বি যুৱ মহোৎসৱৰ অভ্যৰ্থনা সমিতিৰ সম্পাদক তথ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ই এম ৰিচাৰ্ড টকবিয়ে সাংবাদিকৰ আগত কয়, ‘‘মহোৎসৱটি সফলৰূপে উদযাপন কৰিবলৈ উদ্যোক্তাসকলে দিনে-নিশাই হাড়ভগা শ্ৰম কৰি প্ৰায় 95 শতাংশ কাম সম্পূৰ্ণ কৰি তুলিছে ৷ সোমবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰালাংচৰ লগতে ডিফুত কেইবাখনো আঁচনি উদ্বোধন কৰিব ৷ বিভিন্ন প্ৰান্তৰ পৰা অহা জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলেও অংশগ্ৰহণ কৰিব ৷’’

ইফালে মহোৎসৱ উপভোগৰ বাবে দেশ-বিদেশৰ পৰ্যটক আগমন ঘটিব বুলি উল্লেখ কৰি তেওঁ কয়, প্ৰায় 70 ফুট উচ্চতাৰ কাৰ্বি মহিলাৰ কাণত পিন্ধা অলংকাৰ কাৰ্বি নথেংপি আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হিচাপে থাকিব বুলি উল্লেখ কৰে টকবিয়ে ৷

লগতে পঢ়ক : মাঞ্জা-গোৱালপাৰাত বিলাসী বাহনসহ বৃহৎ পৰিমাণৰ জাল নোট জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.