ডিফু, 21 মাৰ্চ : আগন্তুক 23 মাৰ্চৰ পৰা 26 মাৰ্চলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব কাৰ্বি লাম্মেত আমেই(কাৰ্বি সাহিত্য সভা)ৰ ত্ৰিংশতিতম অধিৱেশন(30th Karbi Sahitya Sabha) ৷ কাৰ্বি ভাষা-সাহিত্যৰ চৰ্চা, সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত বিগত সময়ছোৱাত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা কাৰ্বি লাম্মেত আমেইৰ ত্ৰিংশতিতম বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ৷
পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামৰ ডংকাচাৰপʼত অনুষ্ঠিত হʼবলগীয়া অধিৱেশনক কেন্দ্ৰ কৰি জিলাখনৰ সাহিত্য প্ৰেমী সকলৰ মাজত এক উৎসৱমূখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে(Preparation of annual conference of Karbi Lammet Amei) । লগতে অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে আয়োজক সমিতিয়ে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে ৷
ইফালে, অধিৱেশনস্থলীৰ সন্মূখত বৃহৎ তোৰণ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি অংশগ্ৰহণ কৰিবলগীয়া তিনি সহস্ৰাধিক প্ৰতিনিধিক আদৰণি আৰু আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে ।
উল্লেখ্য যে, আগন্তুক 25 মাৰ্চত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই অধিৱেশনখনিত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : উদীয়মান খেলুৱৈক সম্বৰ্ধনা প্ৰাক্তন পি.ডি.চি.কে ওৱেলফেয়াৰ ছ'চাইটিৰ