ডিফু,১৭ মাৰ্চ: চৰকাৰে গাইছে উন্নয়নৰ জয়গান । পিছে পথ তথা জৰাজীৰ্ণ দলঙে জনতাক প্ৰতিদিনে খুৱাইছে জ্বলা-কলা । খেৰণিৰ এখন জৰাজীৰ্ণ কাঠৰ দলঙে উদঙাই বিজেপি চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ(Transportation problem in Kheroni) । পশ্চিম কাৰ্বি আংলঙৰ হামৰেনকে ধৰি বিভিন্ন স্থানৰ সৈতে এখন সংযোগী কাঠৰ জৰাজীৰ্ণ দলঙে উদঙাই দিছে বিজেপি চৰকাৰৰ উন্নয়ণৰ ফোঁপোলা স্বৰূপ(Broken bridge is only hope of Kheroni People) ৷
সততে সভাই-সমিতিয়ে অসমত শীঘ্ৰে পথ সংযোগ ব্যৱস্থা সহজ হৈ পৰা বুলি বুকু ফিন্দাই ভাষণ দিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ এখন গুৰুত্বপূৰ্ণ সংযোগী দলঙলৈ অলপ চকু ফুৰালেই তেওঁৰ ঘোষণা যে অসাৰ সেই কথা জল জল পটপট হৈ হৈ পৰিব ৷ বিজেপি চৰকাৰে উন্নয়নৰ ঢাক ঢোল বজাই থকাৰ সময়তে পশ্চিম কাৰ্বি আংলং জিলাত ৰাইজে ঢলং-পলং কাঠৰ দলঙেৰে মৰণত শৰণত দি বিপদসংকুল অৱস্থাত নিতৌ কৰি আছে যাতায়ত(Poor condition of bridge at Kheroni) ।
জিলাখনৰ ঘাইপথ খেৰণি-ডংকামোকাম হৈ জিলাখনৰ সদৰ হামৰেন লৈ সংযোগী গড়কাপ্তানী পথত অৱস্থিত কাঠৰ দলংখনক লৈ এতিয়া আতংকিত হৈ পৰিছে পথচাৰী । সম্প্ৰতি দলংখন হৈ পৰিছে মৰণফাণ্ড ৷ কিয়নো দলঙখনৰ মাজে মাজে এতিয়া অদৃশ্য হৈ পৰিছে কাঠ(Wooden bridge in Kheroni turns into death trap) । ফলত দলঙত সৃষ্টি হোৱা ফুটাবোৰত বাহনৰ চকা বা পথচাৰীৰ ভৰি সোমাই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ উপক্ৰম হৈছে ।
ইয়াৰ পিছতো বৈঠালাংচ' গড়কাপ্তানী বিভাগ কিম্বা কাৰ্বি আংলং স্বায়ত্ব পৰিষদেও মেৰামতি কৰাটো দূৰৈৰ কথা দলংখনৰ খবৰ ল’বলৈকো আহৰি নাই ৷ দলংখনৰ জৰিয়তে মৰণফান্দ পাতি তাক লৈ খেলহে চাই থকাৰ দৰে হৈছে ৷ এইলৈ এতিয়া ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ অসন্তুষ্টিৰ । পথচাৰী আৰু বাহনৰ চালকসকলে ৰাইজৰ বৃহত্তৰ স্বাৰ্থত উক্ত দলঙখন পলম নোহোৱাকৈ নিৰ্মাণ বা মেৰামতি কৰি দিবলৈ দাবী জনাইছে ৷ ব্যৱহাৰৰ অনুপযোগী হৈ পৰা উক্ত দলঙখন শীঘ্ৰে মেৰামতি বা নিৰ্মাণ নহ'লে তেওঁলোকৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিব বুলি আশংকা কৰিছে ৷
লগতে পঢ়ক: HSLC exam 2023 : ১ এপ্ৰিলত অনুষ্ঠিত হ'ব মেট্ৰিকৰ অসমীয়া পৰীক্ষা