ETV Bharat / state

ডিফুৰ সক্ৰিয় আৰ টি আই কৰ্মী মোহন ৰংপিক গ্ৰেপ্তাৰ - case file

বিগত সময়ছোৱাত বিভিন্ন চৰকাৰী বিভাগত সংঘটিত হোৱা নানানটা দুৰ্নীতিৰ তথ্য ৰাজহুৱা কৰি উদঙাই দিয়া কাৰ্বি আংলং জিলাৰ সক্ৰিয় আৰ টি আই কৰ্মী মোহন ৰংপিক কেইবাটাও ধাৰাত ডিফু আৰক্ষীয়ে শনিবাৰে আটক কৰিলে । প্ৰাপ্ত তথ্য অনুসৰি,কাৰ্বি আংলং জিলাৰ জলসিঞ্চন বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা জয়বিনন লাঙমালাইয়ে ডিফু থানাত আৰ টি আই কৰ্মী মোহন ৰংপিৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল ।

police arrest RTI worker Mohan Rongpi at Diphu
ডিফুৰ সক্ৰিয় আৰ টি আই কৰ্মী মোহন ৰংপিক গ্ৰেপ্তাৰ
author img

By

Published : Jun 20, 2020, 10:43 PM IST

ডিফু, ২০ জুন: বিগত সময়ছোৱাত বিভিন্ন চৰকাৰী বিভাগত সংঘটিত হোৱা কেবাটাও দুৰ্নীতিৰ তথ্য ৰাজহুৱা কৰি উদঙাই দিয়া কাৰ্বি আংলং জিলাৰ সক্ৰিয় আৰ টি আই কৰ্মী মোহন ৰংপিক কেইবাটাও ধাৰাত ডিফু আৰক্ষীয়ে শনিবাৰে আটক কৰিলে । প্ৰাপ্ত তথ্য অনুসৰি,কাৰ্বি আংলং জিলাৰ জলসিঞ্চন বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা জয়বিনন লাঙমালাইয়ে ডিফু থানাত আৰ টি আই কৰ্মী মোহন ৰংপিৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল । জিলাখনত মোহন ৰংপিয়ে জলসিঞ্চন বিভাগৰ অধীনৰ এক ঠিকাৰ কাম সম্পূৰ্ণ নকৰাকৈয়ে ধন উলিয়াই নিয়াৰ লগতে বিভাগটোৰ বিষয়াসকলক ভাবুকি প্ৰদান কৰাৰ অভিযোগেৰে দিয়া গোচৰৰ ওপৰত ভিত্তি কৰি আটক কৰিলে আৰটি আই কৰ্মী গৰাকীক । ডিফু আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০ বি/৪৪৮/৩৫৩/৩৮৭/৪০৬/৪২০/৫০৬ ৰ অধীনত আটক কৰিছে আৰটি আই কৰ্মী গৰাকীক ।

police arrest RTI worker Mohan Rongpi at Diphu
ডিফুৰ সক্ৰিয় আৰ টি আই কৰ্মী মোহন ৰংপিক গ্ৰেপ্তাৰ

শুকুৰবাৰে নিশাই ডিফু সদৰ থানালৈ আনি সোধা পোচা কৰাৰ অন্তত শনিবাৰে তেওঁক গ্ৰেপ্তাৰ কৰে । ইফালে,এই সমস্ত ঘটনাক এক ষড়যন্ত্ৰ আখ্যা দি আৰ টি আই কৰ্মী মোহন ৰংপিয়ে জলসিঞ্চন বিভাগৰ কোনো ঠিকাৰ কাম কৰাৰ তথ্য থানালৈ আহিহে অৱগত হোৱা বুলি জানিবলৈ দিয়ে। বিভাগটোৰ কোনো ঠিকাৰ কামত তেওঁ জড়িত নথকা বুলি দাবী কৰি গোচৰ দিয়া চৰকাৰী বিষয়াগৰাকীক তেওঁ পূৰ্বে কেতিয়াও দেখা নাছিল বুলিহে মন্তব্য কৰে ।

উল্লেখ্য যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰাই পাহাৰীয়া জিলাখনৰ জলসিঞ্চন বিভাগত সংঘটিত হোৱা পৰ্বতসম দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰি আহিছিল আৰ টি আই কৰ্মী মোহন ৰংপিয়ে । এই সম্পৰ্কে ইতিপূৰ্বে ৰংপিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰাৰ লগতে অসম আৰক্ষীৰ ভিজিলেঞ্চ শাখাতো গোচৰ ৰুজু কৰিছিল । স্থানীয় আৰক্ষী থানাতো আৰ টি আই কৰ্মীগৰাকীয়ে জলসিঞ্চন বিভাগৰ দুৰ্নীতিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল বুলি জানিব পৰা গৈছে । তেনেস্থলত সক্ৰিয় আৰ টি আই কৰ্মী গৰাকীৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰাৰ বাবেহে এনে ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ তুলিলে আৰ টি আই কৰ্মীগৰাকীয়ে ।

লগতে চাওকঃ ইজৰাইলত সমলিংগ সাংসদৰ সংখ্যা বৃদ্ধিৰ অভিলেখ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.