ডিফু, ৬ জানুৱাৰী : কাৰ্বি আংলঙত বহুকেইজন বহিঃৰাষ্ট্ৰৰ পৰা অহা যুৱকৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি ৷ পাহাৰীয়া জিলাখনত অনুষ্ঠিত অসম ৰাইফলছৰ নিযুক্তি প্ৰক্ৰিয়ালৈ ৰেলযোগে মহাৰাষ্ট্ৰৰ পৰা আহিছিল যুৱককেইজন (Covid positive in Diphu Railway Station) ৷
অসম ৰাইফলচত যোগদানৰ বাবে বিগত কেইবাদিনো ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ডিফুলৈ ৰেলযোগে আগমন ঘটিছে বহু যুৱকৰ ৷ নিযুক্তি প্ৰক্ৰিয়াত অংগ্ৰহণ কৰিবলৈ কৰ’না পৰীক্ষা কৰাটো বাধ্যতামূলক হোৱাৰ বাবে যুৱকসকলক ডিফু ৰেলষ্টেচনতে স্বাস্থ্য বিভাগৰ দ্বাৰা পৰীক্ষা কৰি থকা হৈছে ৷ এনে স্থলত কাৰ্বি পাহাৰত ক’ৰণাৰ ভয়ংকৰ গণ সংক্ৰমণৰ আশংকা কৰা হৈছে (Mass transmission of Covid) ৷ বৃহস্পতিবাৰে ডিফু ৰেল ষ্টেচনত দুপৰীয়া ১২ বজালৈকে ১০ গৰাকী ৰেলযাত্ৰীৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ বিপৰীতে সন্ধিয়ালৈকে এই সংখ্যা ১৮ জনলৈ পায় ৷
ইয়াৰোপৰি সমগ্ৰ কাৰ্বি আংলং জিলাত বৃহস্পতিবাৰে সন্ধিয়া পৰ্যন্ত বোকাজানত ১২ টা, ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত ৫ টা আৰু ডিফু ৰেল ষ্টেচনত ১৮ টা ক'ভিড পজিটিভৰ ঘটনাসহ মুঠ ৩৫ টা ক'ভিড ১৯ পজিটিভৰ ঘটনা নথিভুক্ত কৰা হৈছে ৷
ডিফু ৰেলষ্টচনত ধৰা পৰা ক'ভিড ৰোগীসকলক এম্বুলেঞ্চযোগে ডিফু মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হৈছে ৷ উল্লেখ্য যে, বুধবাৰেও ১২ গৰাকী ৰেলযাত্ৰীৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰিছিল ৷
লগতে পঢ়ক: No lockdown in Assam: ৰাজ্যত ঘোষণা কৰা নহয় লক ডাউন