ডিফু, ২৬ নৱেম্বৰ: সশস্ত্ৰ উগ্ৰপন্থী সংগঠন পিপুল ডেমক্ৰেটিক কাউঞ্চিল ফৰ কাৰ্বি লংৰি চমুকৈ পিডিচিকেৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷
প্ৰাপ্ত খবৰ অনুসৰি, কাৰ্বি আংলং আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বৃহস্পতিবাৰে জিলা উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত বকলিয়াঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, ডিফু থানাৰ উপ পৰিদৰ্শক আৰু এপিআৰ জোৱানকলৈ এক অভিযান চলাই সংগঠনটোৰ সাধাৰণ সচিব নংমে টুংজাং ওৰফে সঞ্জীৱ ফাংচক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত সচিবজনক বকলিয়াঘাট থানা এলেকাৰ থেকেৰাজানৰ পৰা আটক কৰিছে বুলি আৰক্ষীৰ সুত্ৰত প্ৰকাশ ৷
ধৃত পিডিচিকে সচিবজনৰ পৰা আৰক্ষীয়ে 4 জাঁই সজীৱ গুলী সহ এটা 7'65 এমএমৰ পিষ্টলৰ লগতে 2 টা মোবাইল হেণ্ডছেট, পিডিচিকে ধনদাবী পত্ৰ আৰু অনান্য আপত্তিজনক সামগ্ৰী জব্দ কৰিছে ৷ অধিক তথ্যৰ বাবে ধৃত কেডাৰজন কাৰ্বি আংলং আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে ৷
লগতে পঢ়ক: ভাৰতীয় ৰেলৱে'ৰ পৰা আটক 14 ৰোহিংগীয়া