ETV Bharat / state

Howraghat Chowmin Tragedy: খাদ্যত বিষক্ৰিয়া হৈ ১২ বছৰীয়া ছাত্ৰৰ অকাল মৃত্যু

author img

By

Published : Mar 31, 2023, 6:34 PM IST

মঙলবাৰে কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত চাউমিন খোৱাৰ ফলত ছাত্ৰসহ 13 গৰাকী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী অসুস্থ হৈছিল(Howraghat Chowmin Tragedy ৷ শুকুৰবাৰে গুৱাহাটীৰ হেল্থ চিটীত অসুস্থ এজন ছাত্ৰই অকাল মৃত্যুক সাৱটি লয় (one student died)৷

one student died at Howraghat Chowmin Tragedy
খাদ্যত বিষক্ৰিয়া হৈ ১২ বছৰীয়া ছাত্ৰৰ অকাল মৃত্যু

ডিফু, ৩১ মাৰ্চ: হাওৰাঘাটৰ চাউমিনকাণ্ডৰ নতুন মোৰ (Howraghat Chowmin Tragedy update)৷ যোৱা 28 মাৰ্চ অৰ্থাৎ মঙলবাৰে কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত বিদ্যালয়ত চাওমিন খাই ছাত্ৰসহ 13 গৰাকী শিক্ষক-শিক্ষয়িত্ৰী-কৰ্মচাৰী আৰু আই, কে, অট' মোবাইলচৰ কৰ্মী গুৰুতৰভাৱে অসুস্থ হৈ পৰে (13 people fell sick of food poisoning) ৷ এই ঘটনাৰ পিচতে অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল (Food poisoning case at Howraghat) ৷

ঘটনাৰ বিৱৰণী অনুসৰি হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনত বিদ্যালয়ৰ এটি প্ৰকল্পৰ কামত 5 জন ছাত্ৰসহ শিক্ষক আৰু নিকেতনৰ অন্যান্য কৰ্মচাৰীসকলে কাম কৰি আছিল ৷ দুপৰীয়া ভোক লগাত সকলোৱে আলোচনা কৰি হাওৰাঘাট বজাৰৰ ৰাজু হোটেলৰ পৰা চাউমিন আনে ৷ এই চাউমিন খোৱাৰ পিচতেই এজন এজনকৈ ছাত্ৰ আৰু শিক্ষক অসুস্থ হৈ পৰে ৷ ততাতৈয়াকৈ সকলোকে হাওৰাঘাট চৰকাৰী হাস্পতালত ভৰ্তি কৰাই প্ৰাথমিক চিকিৎসা কৰোৱা হয়।

পৰৱৰ্তী সময়ত পৰিস্থিতিয়ে জটিল ৰূপ লোৱাত আটাইকেইজন লোককে নগাঁৱলৈ প্ৰেৰণ কৰা হয় । অসুস্থসকলক নগাঁৱৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় 'চিমচ'ত ভৰ্তি কৰি চিকিৎসা কৰা হয় ।

তাৰ মাজতে নিকেতনখনৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ তন্ময় বৰা ৰংপিৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত গুৱাহাটীৰ হেলথ্ চিটিত ভৰ্তি কৰা হয় যদিও শুকুৰবাৰে চিকিৎসাধীন অৱস্থাতে কৰুণ মৃত্যুক আকোঁৱালি লয় তন্ময়ে (one student died)। এই ঘটনাৰ পিচতে সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে ৷ ইপিনে সম্প্ৰতি বাকী অসুস্থসকলৰ উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণৰ সিদ্ধান্ত লৈছে আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ।

শুকুৰবাৰে ঘটনাস্থলীত আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া (SP Sanjib Kumar Saikia) উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ বুজ লয়। প্ৰকৃততে চাউমিনত কি মিহলি হৈ আছিল যাৰ ফলত এই শোকাৱহ ঘটনা সংঘটিত হ’বলৈ পালে সেয়া ফৰেনচিক পৰীক্ষাৰ পিচতহে পোহৰলৈ আহিব । ইপিনে এই ঘটনাৰ সন্দৰ্ভত এক উচ্চ স্তৰৰ তদন্ত দাবী কৰিছে নিকেতনখনৰ প্ৰধানাচাৰ্যগৰাকীয়ে (Chowmin Tragedy at Howraghat)৷

লগতে পঢ়ক: Dilli ki Yogshala Programme : দিল্লীত বন্ধ বিনামূলীয়া যোগ শ্ৰেণী, মোডী-চাক্সেনাক দোষাৰোপ কেজৰিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.