ETV Bharat / state

বৈঠালাংছ'ত বিদ্যুৎস্পৃষ্ট হৈ নিহত 1, আহত 4

author img

By

Published : Aug 10, 2020, 8:53 PM IST

পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ত দেওবাৰে সন্ধিয়া বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী লোক নিহত হোৱাৰ লগতে, 4 গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হয় ৷

বিদ্যুৎস্পৃষ্ট হৈ নিহত 1, আহত 4
বিদ্যুৎস্পৃষ্ট হৈ নিহত 1, আহত 4

ডিফু, 10 আগষ্ট: দেওবাৰে সন্ধিয়া পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ত সংঘটিত হয় এক দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত এগৰাকী লোক নিহত হোৱাৰ বিপৰীতে 4 গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে ৷ দেওবাৰে পুৱাৰ ভাগত গছ বাগৰাৰ ফলত ব্যাহত হৈ পৰে অঞ্চলটোৰ বিদ্যুৎ যোগান ৷ বিদ্যুৎ পৰিবাহী খুটা এটা ভাগি পৰাৰ ফলত অঞ্চলটোত ব্যাহত হৈ পৰে বিদ্যুতৰ যোগান ৷ স্থানীয় লোকে বিভাগীয় কৰ্তৃপক্ষক ঘটনা সন্দৰ্ভত অৱগত কৰাৰ পাচত, বিভাগীয় লোক আহি মেৰামতিৰ কামত লাগে ৷

বৈঠালাংছ'ত বিদ্যুৎস্পৃষ্ট হৈ নিহত 1, আহত 4

পৰৱৰ্তী সময়ত এটা খুটা কম হোৱাত লোক সকলে খুটা বিচাৰি আনি পুনৰ সেই কামত লাগে ৷ কিন্তু কাম কৰি থকাৰ সময়তে হঠাতে সেই খুটাটোত সংযোগ হয় বিদ্যুৎ ৷ বিদ্যুৎ মেৰামতিৰ কাম কৰি থকা অৱস্থাতে হঠাৎ তাঁৰেৰে বিদ্যুৎ প্ৰৱাহিত হোৱাত 5 গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হয় ৷ অতি গুৰুতৰভাৱে আহত বৰছিং তিচ’ আৰু লিপচন বে’ নামৰ দুগৰাকী লোকক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে হোজাইলৈ প্ৰেৰণ কৰা হয় যদিও, চিকিৎসাধীন অৱস্থাতে বৰছিং তিচ’ৰ মৃত্যু হয় ৷ সমগ্ৰ ঘটনাৰ বাবে স্থানীয় লোকে সম্প্ৰতি জগৰীয়া কৰিছে শক্তি বিভাগক ৷

লগতে পঢ়ক: গুৱাহাটীত অনুষ্টুপীয়াকৈ আয়োজন কৰা হ'ব 74 সংখ্যক স্বাধীনতা দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.