ETV Bharat / state

Drugs Seized at Bokajan : বোকাজানত 8 কোটি মূল্যৰ ড্ৰাগছসহ এজনক আটক

author img

By

Published : Jan 11, 2022, 12:56 PM IST

Updated : Jan 11, 2022, 2:20 PM IST

মঙলবাৰে লাহৰিজান পহৰা আৰক্ষীয়ে তালাচী চলাই ড্ৰাগছসহ (Drugs Seized at Bokajan) এজন সৰবৰাহকাৰীক আটক কৰে (Drug peddler arrested by Lahorijan police) ৷

One person arrested in Bokajan with drugs worth rupees eight crore
বোকাজানত ড্ৰাগছসহ আটক এজন

ডিফু, 11 জানুৱাৰী : মঙলবাৰে বোকাজানত লাহৰিজান পহৰা আৰক্ষীয়ে তালাচী চলাই ড্ৰাগছসহ (Drugs Seized at Bokajan) এজন সৰবৰাহকাৰীক আটক কৰে (Drug peddler arrested by Lahorijan police) ৷ এই অভিযানত ডিমাপুৰৰ দিশৰপৰা আহি থকা এখন ট্ৰাকৰ পৰা আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ জব্দ কৰিবলৈ সক্ষম হয় (Drug seized at Bokajan) ৷

এক গোপন সূত্ৰৰ পম খেদি মঙলবাৰে বোকাজান মহকুমাৰ আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰু ডিলাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া লুৎফুৰ ৰহমান, লাহৰিজান পহৰা চকীৰ SI (UB) দেৱপ্ৰতিম কোঁৱৰ আৰু বোকাজান CRPF বাহিনীয়ে যৌথভাৱে লাহৰিজান পহৰা আৰক্ষীৰ এক স্থানত খাপ পিটি ৰয় ৷

বোকাজানত ৮ কোটি মূল্যৰ ড্ৰাগছসহ এজনক আটক

পৰৱৰ্তী সময়ত আৰক্ষীৰ দলটোৱে ডিমাপুৰৰ দিশৰপৰা আহি থকা NL 01 AA 5840 নম্বৰৰ ট্ৰাকখনত তালাচী চলাই 110 টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে (Drug seized by Assam Police) ৷ লগতে ট্ৰাকখনৰ চালক তথা সৰবৰাহকাৰী দীপক চেত্ৰী(29) ক আটক কৰে ৷

আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ আন্তৰ্জাতিক বজাৰমূল্য প্ৰায় 8 কোটি হ'ব বুলি জানিব পৰা গৈছে ৷ অধিক তথ্যৰ বাবে আটকাধীন সৰবৰাহকাৰীজনক ডিলাই আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷ জব্দ কৃত ট্ৰাকখনৰ গন্তব্যস্থান আছিল গুৱাহাটী মহানগৰী ৷ এই কথা প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : জুৱাৰ ঘাটি উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষীক চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা

Last Updated : Jan 11, 2022, 2:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.