ডিফু, ৬ ডিচেম্বৰঃ কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ কিছু নিলগৰ বৰলাংফেৰ থানা সমীপৰতে সংঘটিত হৈছে এক ধৰ্ষণ কাণ্ড ৷ কিয়নো বৰলাংফেৰ অঞ্চলৰ তিনি সন্তানৰ মাতৃ তথা এগৰাকী বিধৱা মহিলাক ধৰ্ষণৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
জানিব পৰা মতে, অভিযোগৰ ভিত্তিত বৰলাংফেৰ আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত উৎপল মজুমদাৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ ধৰ্ষিতা মহিলা গৰাকীৰ অভিযোগ অনুসৰি শনিবাৰে সন্ধিয়া উৎপল মজুমদাৰে তেওঁৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি বলপূৰ্বকভাৱে ধৰ্ষণ কৰি পলাই যায় ৷
এই সন্দৰ্ভত মহিলা গৰাকীয়ে বৰলাংফেৰ থানাত এজাহাৰ দাখিল কৰা পিচতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱক জনক ৷ ধৃত যুৱক জনৰ বিৰুদ্ধে 9/2020 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 448/376 ত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বৰলাংফেৰ আৰক্ষীয়ে ৷
লগতে পঢ়কঃবাক্সা জিলাত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু জিলা প্ৰশাসন