ETV Bharat / state

খটখটীত বৃহৎ পৰিমাণৰ হেৰ'ইনসহ আটক এজন

কাৰ্বি আংলং আৰক্ষীৰ সফল অভিযান ৷ বোকাজান মহকুমাৰ আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত চলা অভিযান সন্দেহযুক্ত হেৰ'ইন জব্দ ।

author img

By

Published : Sep 5, 2021, 11:05 AM IST

suspected drugs size
খটখটীত ড্ৰাগছ জব্দ

ডিফু, ৫ ছেপ্তেম্বৰ : এইবাৰ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে সষ্টম হৈছে কাৰ্বি আংলং আৰক্ষী । দেওবাৰে এক অভিযানৰ জৰিয়তে বৃহৎ সফলতা লাভ কৰিছে কাৰ্বি আংলং আৰক্ষীয়ে । প্ৰাপ্ত খবৰ অনুসৰি, দেওবাৰে পুৱা এক নিৰ্দিষ্ট সূত্ৰৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত চলা অভিযান সন্দেহযুক্ত হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে ।

suspected drugs size
খটখটীত ড্ৰাগছ জব্দ

অভিযানকাৰী দলটোত আছিল বোকাজান থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, খটখটীৰ আৰক্ষী বিষয়া মনি চমুৱা, মৌবলিক ব্ৰহ্ম, উপ-পৰিদৰ্শক চৰণ মোহন চেতিয়া, নিতুল শইকীয়া, সহকাৰী উপ-পৰিদৰ্শক অৰুণ নাথ আৰু আৰক্ষীৰ এটা দল । অভিযানকাৰী দলটোৱে খটখটী থানা এলেকাৰ বালিজান ফৰেষ্ট গেট তিনি আলিত অভিযান চলাই জব্দ কৰে সন্দেহযুক্ত হেৰ'ইনখিনি ৷

suspected drugs size
খটখটীত ড্ৰাগছ জব্দ

অভিযানকাৰী দলটোৱে নাগালেণ্ডৰ পঞ্জীয়নভূক্ত NL-০৭-FA-২৪৮২ নম্বৰৰ যাত্ৰীবাহী অট'ৰিক্সাত তালাচী চলাই ৭৮ টা চাবোনৰ বাকচ উদ্ধাৰ কৰে । চাবোনৰ বাকচ কেইটাত প্ৰায় এক কিল’গ্ৰাম সন্দেহযুক্ত হেৰ'ইন আছিল ৷ হেৰ'ইনখিনি (Heroin) জব্দ কৰাৰ লগতে এজন লোককো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । ধৃত লোকজন মৰিগাওঁ জিলাৰ মৈৰাবাৰী থানা এলেকাৰ তাঁতিকটা পথাৰ গাঁৱৰ সূৰুজ আলী ৷

suspected drugs size
খটখটীত ড্ৰাগছ জব্দ

লগতে পঢ়ক: Drug mafia saga: ৰাজ্যত ড্ৰাগছ মাফিয়াৰ ৰূপত মহিলাৰ আত্মপ্ৰকাশ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.