ডিফু,১৫ ডিচেম্বৰঃ আৰক্ষীৰ কঠোৰ তালাচীৰ পৰিপ্ৰেক্ষিতত কাৰ্বি আংলঙৰ মাজেৰে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ তৎপৰতা কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে যদিও ইয়াৰ মাজতো ন ন কৌশলেৰে ড্ৰাগছ সৰবৰাহৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে অপৰাধী চক্ৰই ।
![কাৰ্বি আংলঙৰ খটখটীত ৫০ কেজি গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04:24:40:1608029680_as10035diphu15122020kapoliceseizedilligalganja_15122020155535_1512f_1608027935_798.jpg)
মঙলবাৰে দুপৰীয়াৰ ভাগত জিলাখনৰ বোকাজান আৰক্ষীয়ে অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত অভিযান চলাই এখন বিলাসী বাহনৰ পৰা বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ লগতে এই সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।
![কাৰ্বি আংলঙৰ খটখটীত ৫০ কেজি গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04:24:41:1608029681_as10035diphu15122020kapoliceseizedilligalganja_15122020155535_1512f_1608027935_745.jpg)
আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি,গোপন সূত্ৰৰ পম খেদি মঙলবাৰে বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটীৰ ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে । উক্ত অভিযানত দিনৰ প্ৰায় ১০.৪৫ বজাত আৰক্ষীয়ে AS-01AR-9005 নম্বৰৰ বগা ৰঙৰ ইন’ভাখনৰ পৰা ৫০ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় । এই সন্দৰ্ভত আৰক্ষীয়ে গাঞ্জাখিনি সৰবৰাহ কৰাৰ অভিযোগত শিৱসাগৰ জিলাৰ শিৱসাগৰ দৰবাৰ ৰোডৰ ৰফিকুল হুছেইনক গ্ৰেপ্তাৰ কৰিছে । জব্দ হোৱা গাঞ্জাখিনি নাগালেণ্ডৰ পৰা শিৱসাগৰলৈ নি থকা হৈছিল বুলি জানিব পৰা গৈছে । জব্দ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় পাঁচ লাখ টকা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ।
লগতে চাওকঃ মহানগৰীৰ চচলত কেব সেৱাৰ মালিক আৰু চালকৰ আমৰন-অনশন