ডিফু, 16 নবেম্বৰ : ডিফুৰ তাৰালাংচ’ৰ বাকৰিত আজিৰে পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হৈছে কাৰ্বি আংলং উৎসৱ (71st Karbi Anglong day) ৷ বাবে ১৯৫১ চনত গঠন হোৱা সংযুক্ত মিকিৰ পাহাৰ জিলা তথা বৰ্তমানৰ কাৰ্বি আংলং জিলা দিৱস সুদীৰ্ঘ ৭১ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে । কাৰ্বি আংলং জিলা গঠন কৰাত আগভাগ লোৱা নমস্য ব্যক্তি ছাৰছিং টেৰণ হাবে, ছেমছনছিং ইংতি, খৰছিং তেৰাং, ছং বে, নিহাং ৰংফাৰ, মণিৰাম লাংনে, বীৰেন্দ্ৰ টেৰণ, বিৰেলং তেৰাং প্ৰমুখ্যে নেতাসকলক আজিৰ এই ৭১ বছৰীয়া জিলা দিৱসত আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, অধ্যক্ষ ৰাজু তিচ’ প্ৰমুখ্যে পৰিষদৰ নেতৃত্বই ৷
পুৱা তাৰালাংচ’ৰ জনজাতীয় গাঁৱৰ পৰা কাৰ্বি, ডিমাছা, তিৱা, কুকি, মানটাই, চাকমা, গাৰো, অসমীয়া ভাষী, মিজোকে ধৰি বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলে শোভাযাত্ৰা কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে (71st Karbi Anglong day celebration) ৷ বিভাগীয় প্ৰদৰ্শনীৰ দ্বাৰ আৰু পৰম্পৰাগত খেল আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ নিশা স্থানীয় শিল্পীৰ গীত-নৃত্যৰে মুখৰিত হয় তাৰালাচ’ৰ বাকৰি ৷
বৃহস্পতিবাৰে দুপৰীয়াৰ মুকলি সভাত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ই অংশগ্ৰহণ কৰিব (Nagaland CM in Karbi Anglong) ৷ নিশালৈ সাংস্কৃতিক অনুষ্ঠানত বলীউডৰ যশস্বী অভিনেতা শক্তি কাপুৰ, বনি কাপুৰ, কণ্ঠশিল্পী সুনিধি চৌহান, ৰিতু ৰিবা প্ৰমুখ্যে শিল্পীসকলে ভাগ ল’ব (Bollywood stars in Karbi Anglong) ৷
উল্লেখ্য যে, দেশৰ স্বাধীনতাৰ প্ৰাক মুহূৰ্তত যেতিয়া কাৰ্বি জনগোষ্ঠীয় নেতাসকলে ব্ৰিটিছে ভাৰতবৰ্ষ ত্যাগ কৰিব বুলি শুনিলে তেতিয়া ১৯৪৬ চনত হাৱাইপুৰত এখন ৰাজহুৱা সভা পাতি “কাৰ্বি আদৰবাৰ” গঠন কৰে । সেইখন সভাত কাৰ্বি আংলঙৰ প্ৰথম বিধায়ক খৰছিং তেৰাং, নগাঁৱৰ উপায়ুক্ত আৰ আৰ খাউণ্ড, অধ্যাপক মহেশ গোস্বামী, সহকাৰী স্কুল পৰিদৰ্শক বন্ধুৰাম কছাৰী, হাবেসকলৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কাৰ্বি নেতৃস্থানীয় ব্যক্তি সকল উপস্থিত আছিল ৷
তেতিয়াই এই সভাত প্ৰায় দুহেজাৰ লোক আছিল ৷ ছিৰছিং টেৰণ হাবেক সভাপতি আৰু ছেমছনছিং ইংতিক সম্পাদক ৰূপে লৈ গঠন কৰা হৈছিল কাৰ্বি সকলৰ প্ৰথম জাতীয় সংগঠন কাৰ্বি আদৰবাৰ ৷ কাৰ্বি আদৰবাৰে ব্ৰিটিছৰ ওচৰত সুকীয়া জিলা গঠনৰ বাবে বহুবাৰ দাবী কৰিছিল ৷ শ্বিলঙত অসমৰ গৱৰ্ণৰ ছাৰ ৰবাৰ্ট নীল ৰীডক সাক্ষাৎ কৰি স্মাৰকপত্ৰ দিছিল ৷ দেশে স্বাধীনতা লাভ কৰাৰ পিছত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নেতৃত্বত গঠন হোৱা বৰদলৈ সমিতিয়ে সংবিধান সভাত কাৰ্বি আংলং জিলা (তেতিয়াৰ মিকিৰ পাহাৰ ) গঠনৰ প্ৰস্তাৱত অনুমোদন জনায় ৷
বৰদলৈ সমিতিৰ পৰামৰ্শমতে ১৯৫১ চনৰ ১৭ নবেম্বৰ দিনটোতে কাৰ্বি আংলং জিলা গঠন হৈছিল ৷ ১৯৫০ চনত চনত প্ৰস্তাৱিত নতুন জিলাখনৰ সীমা নিৰ্ধাৰণৰ বাবে ছেমছনছিং ইংতি, ছং বে, ছাৰছিং টেৰণ হাবে আৰু খৰছিং তেৰাঙক মনোনীত সদস্য ৰূপে লৈ সীমা নিৰ্ধাৰণ আয়োগ গঠন কৰে ৷ এই আয়োগৰ প্ৰথমখন বৈঠক নগাঁৱৰ লোকেল ব’ৰ্ডৰ কাৰ্যলয়ত হৈছিল ৷ চি এছ বুথ হাফলঙৰ পৰা আহি বৈঠকত ভাগ লৈছিল ৷
দ্বিতীয়খন বৈঠক হৈছিল গোলাঘাটত ৷ এই আয়োগৰ বৈঠকত মতিৰাম বৰাই সভাপতিত্ব কৰিছিল ৷ মিকিৰ পাহাৰ ট্ৰেক, নগাঁও, শিৱসাগৰ আৰু সংযুক্ত খাচিয়া আৰু জয়ন্তীয়া পাহাৰৰ কিছু অংশক লৈ ১৫২৩৭ বৰ্গ কিলোমিটাৰ এলেকাৰে জিলাখন গঠন কৰা হয় ৷ অসম চৰকাৰৰ তদানীন্তন শিক্ষামন্ত্ৰী অমিয় কুমাৰ দাস ডিফুলৈ আহি খোজকাঢ়ি শিলনীলৈ গৈ সকলো দিশ চাই ডিফুকে জিলাৰ সদৰ কৰাৰ সিদ্ধান্ত লয় ৷
১৯৫১ চনৰ ১৭ নবেম্বৰত জিলা গঠনৰ পিছতে ১৯৫২ চনৰ ২৩ জুনত গঠন হয় কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ ৷ এইখন পৰিষদ দেশৰ আটাইতকৈ পুৰণি আৰু শক্তিশালী পৰিষদ ৷ যাৰ বাবে আজি কাৰ্বি আংলঙৰ প্ৰগতি দ্ৰুতগতিত হৈছে ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্বি আংলঙৰ শান্তি আৰু প্ৰগতিৰ বাবে সকলো শ্ৰেণীৰ ৰাইজৰ পৰা সহযোগিতা বিচাৰিছে ৷
লগতে পঢ়ক: Jeevan Pramaan Patra: এতিয়াৰে পৰা ঘৰৰ পৰাই পেঞ্চনাৰ সকলে জমা দিব পাৰিব LIFE CERTIFICATE