ETV Bharat / state

ডিফুত বহুভাষী কবি সন্মিলনৰ সফল আয়োজন

অসম সাহিত্য সভাৰ উদ্যোগত ৰাংছিনা ভৱনত কাৰবি কিম্বদন্তীৰ মহীয়সী নাৰী কাজিৰ ৰংহাংপী সোঁৱৰণী বহুভাষী কবি সন্মিলনৰ সফল আয়োজন ৷ অসম সাহিত্য সভাৰ ডিফু আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত মহীয়সী নাৰী কাজিৰ ৰংহাংপী সোঁৱৰণত কবি সন্মিলনীখন অনুষ্ঠিত হয় ৷

multilingual poetry conference organized at diphu
ডিফুত বহুভাষী কবি সন্মিলনৰ সফল আয়োজন
author img

By

Published : Dec 7, 2020, 1:41 PM IST

ডিফু, 7 ডিচেম্বৰ: সমন্বয়ৰ চানেকি তুলি ধৰি অসম সাহিত্য সভাৰ ডিফু আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত আৰু কাৰ্বি আংলং জিলা সাহিত্য সভা আৰু ডিফু সাহিত্য সভাৰ সহযোগত ৰাংছিনা ভৱনত সফলভাৱে বহুভাষী কবি সন্মিলনৰ আয়োজন কৰা হয় ৷ কাৰ্বি কিম্বদন্তীৰ মহীয়সী নাৰী কাজিৰ ৰংহাংপী সোঁৱৰণত কবি সন্মিলনীখন অনুষ্ঠিত হয় ৷

multilingual poetry conference organized at diphu
সমন্বয়ৰ চানেকি তুলি ধৰি মহীয়সী নাৰী কাজিৰ ৰংহাংপী সোঁৱৰণত বহুভাষী কবি সন্মিলন

বিশিষ্ট উপন্যাসিক তথা ডিফু সাহিত্য সভাৰ সভাপতি অজিত ছিংনাৰৰ সভাপতিত্বত অনুষ্ঠিত বহুভাষী কবি সন্মিলন খনৰ আৰম্ভণিতে কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি হৰিমোহন জিগদুঙে মহীয়সী নাৰী কাজিৰ ৰংহাংপীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলী আগবঢ়ায়। ইয়াৰ পাছতে কাৰ্বি লাম্মেত আমেইৰ প্রাক্তন ভাৰপ্ৰাপ্ত সভাপতি আৰু প্রাক্তন সাধাৰণ সম্পাদক ছিং ক্রই মাল্যার্পণ কৰে ।

উপস্থিত অন্যান্য সকলৰ লগতে বিশিষ্ট সাহিত্যিক ধনেশ্বৰ ইংতি, পর্যালোচকদ্বয় ডা৹ মেহতাব হুছেইন আৰু পুতুল চেতিয়া, কেন্দ্ৰীয় কার্যনিবাহক সদস্যদ্বয় পাৰি ৰংপি আৰু দেবেন কাকতি, কেন্দ্ৰীয় শিশু আলোচনীৰ আহ্বায়ক ডা৹ ব্ৰহ্মানন্দ বৰা, জনজাতি কল্যাণ গৱেষণা কেন্দ্ৰৰ গৱেষণা বিষয়া ড৹ মনালিছা ৰংপিপী, ৰাজ্যিক ভাষা আৰু মাতৃভাষা প্ৰয়োগ উপ সমিতিৰ আঞ্চলিক আহ্বায়ক ভৱপ্রসাদ দেউৰী, কবি খগেন ইংতি, মঞ্জু টেৰণপী, কাংবুৰা ছিংনাৰে মহীয়সী নাৰী কাজিৰ ৰংহাংপীলৈ শ্ৰদ্ধাঞ্জলি আগবঢ়ায় ৷

অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট কবি সাহিত্যিক ধনেশ্বৰ ইংতিয়ে কাৰ্বি লোকগাঁথাৰ মহীয়সী নাৰী কাজিৰ ৰংহাংপীৰ কিম্বদন্তীৰ কাহিনী সবিস্তাৰে বিৱৰি কয়‌। ডেনগাওঁ, বকলীয়া, ৰজাপথাৰ, লংনিট, মাঞ্জা আৰু ডিফু আদি কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নবীন-প্রবীন কবিয়ে এই সন্মিলনীত তেওঁলোকৰ স্বৰচিত কবিতা পাঠ কৰে ।

লগতে পঢ়ক:ভোটাধিকাৰ সাব্যস্ত প্ৰমোদ বড়ো আৰু বিশ্বজিৎ দৈমাৰীৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.