ETV Bharat / state

অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় "ৰাংছিনা ভৱনত" সাংসদ হৰেণছিং বে - অসম সাহিত্য সভা

ৰাংছিনা ভৱনত উপস্থিত হৈ সাংসদ গৰাকীয়ে অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয়ৰ উন্নীতকৰণকে ধৰি কেইবাটাও আঁচনি ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰে৷

ৰাংছিনা ভৱনত সাংসদ হৰেণছিং বে
author img

By

Published : Sep 5, 2019, 11:06 AM IST

ডিফু, 5 চেপ্তেম্বৰঃ বৃহস্পতিবাৰে কাৰ্বিআংলং জিলাৰ ডিফু নগৰস্থিত অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় ৰাংছিনা ভৱনত সাংসদ হৰেণছিং বে উপস্থিত হৈ ভৱনটোৰ বিভিন্ন দিশ পৰিদৰ্শন কৰে৷ 3 নং পাৰ্বত্য জিলা ( অঃজনজাতি) লোকসভা সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী হিচাপে জয়ী হৈ সাংসদ ৰূপে দায়িত্বভাৰ লৈছে হৰেণছিং বেয়ে ৷

ৰাংছিনা ভৱনত সাংসদ হৰেণছিং বে

ৰাংছিনা ভৱনত উপস্থিত হৈ সাংসদ গৰাকীয়ে অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয়ৰ উন্নীতকৰণকে ধৰি কেইবাটাও আঁচনি ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰে ৷ আনহাতে ৰাংছিনা ভৱনত এটা আধুনিক প্ৰেক্ষাগৃহ,প্ৰাক্তন সভাপতিৰ আৱক্ষ মূৰ্তি নিৰ্মাণ আদিকে ধৰি কেইবা দফীয়া দাবী সম্বলিত এখনি স্মাৰকপত্ৰ সাংসদ গৰাকীৰ হাতত প্ৰদান কৰা হয় ৷ লগতে সাংসদগৰাকীক সাহিত্য সভাৰ তৰফৰ পৰা ফুলাম গামোচা আৰু চেলেঙৰে উষ্ম আদৰণি জনোৱা হয় ৷ অনুষ্ঠানত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্যদ্বয় পাৰি ৰংপি আৰু জয়ছিং টকবি,ডিফু শাখা সাহিত্য সভাৰ সম্পাদক ডাঃ ব্ৰহ্মানন্দ বৰা,ৰাংছিনা ভৱন অৱৰক্ষণ সমিতিৰ উপসভাপতি ৰঞ্জিত কুমাৰ সেন,কাৰ্বি আংল জিলা সাহিত্য সভাৰ সদস্যা গীতা বৰাকে প্ৰমুখ্যে কৰি ভালেমান বিষয়ববীয়া উপস্থিত থাকে ৷ ইপিনে সাংসদ গৰাকীৰ ৰাংছিনা ভৱনৰ পৰিদৰ্শনে সুধী সমাজক অনুপ্ৰাণিত কৰিছে বুলি সচেতন মহলে মন্তব্য কৰে ৷

Intro:## অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় ৰাংছিনা ভৱনত সাংসদ হৰেণছিং বে ##
০০০০০০০০
ডিফু,৪ ছেপ্টেম্বৰ : ৩ নং পাৰ্বত্য জিলা ( অ: জনজাতি) লোক সভা সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী হিচাপে বিজয়ী হৈ সাংসদ ৰূপে দায়িত্বভাৰলৈ আজি পুৱা প্ৰায় ১০-৩০ বজাত কাৰ্বি আংলং জিলাৰ ডিফু নগৰত থকা অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় ৰাংছিনা ভৱনত সাংসদ হৰেণছিং বে উপস্থিত হৈ ভৱনটোৰ বিভিন্ন দিশ পৰিদৰ্শন কৰে ৷ অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয়ৰ উন্নীতকৰণকে ধৰি কেইবাটাও আচনি ৰূপায়ন কৰাৰ কথা সাংসদ গৰাকীয়ে ঘোষণা কৰা বুলি জানিব পৰা গৈছে ৷ আনহাতে ৰাংছিনা ভৱনত এটা আধুনিক প্ৰেক্ষাগৃহ ( কনফাৰেন্স হ'ল ), প্ৰাক্তন সভাপতিৰ আৱক্ষ মূৰ্তি নিৰ্মাণ আদি কেইবাদফীয়া দাবী সম্বলিত এখনি স্মাৰকপত্ৰ সাংসদ গৰাকীৰ হাতত প্ৰদান কৰা হয় ৷ আজিৰ অনুষ্ঠানত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্যদ্বয় পাৰি ৰংপি আৰু জয়ছিং টকবি ,ডিফু শাখা সাহিত্য সভাৰ সম্পাদক ডা: ব্ৰহ্মানন্দ বৰা , ৰাংছিনা ভৱন অৱৰক্ষণ সমিতিৰ উপসভাপতি ৰঞ্জিত কুমাৰ সেন ,কাৰ্বি আংল জিলা সাহিত্য সভাৰ সদস্যা গীতা বৰাৰ প্ৰমুখ্যে ভালেমান বিষয়ববীয়া উপস্থিত থাকে ৷ সাংসদগৰাকীক সাহিত্য সভাৰ তৰফৰ পৰা ফুলাম গামোচা আৰু চেলেঙৰে উষ্ম আদৰণি জনোৱা হয় ৷ সাংসদ গৰাকীৰ ৰাংছিনা ভৱনৰ পৰিদৰ্শনে সুধী সমাজক অনুপ্ৰাণিত কৰিছে বুলি সচেতন মহলেে মন্তব্য কৰিছে ৷

ছাইদুল ইছলাম, ডিফু ৷

ভ্ৰাম্যভাসসংখ্যা: - 9859675346Body:***********Conclusion:***********
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.