ডিফু, 4 জুনঃ মন্ত্ৰীসভাৰ ক্ষুদ্ৰ সম্প্ৰসাৰণ সন্দৰ্ভত পুনৰ শণিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই স্পষ্ট কৰি দিলে যে বৰ্তমানে মন্ত্ৰীসভাত খালি হৈ থকা পাঁচখন আসনৰ ভিতৰত এখন বা দুখন আসনহে 9 জুনত পূৰণ কৰা হ'ব ৷ ইয়াৰে ভিতৰত এখন আসন পাহাৰৰ প্ৰতিনিধিৰে পূৰ কৰা হ'ব ৷
মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আজি আৰু কয় যে 8 জুনৰ আবেলি মন্ত্ৰীসভাৰ ক্ষুদ্ৰ সম্প্ৰসাৰণৰ বিষয়টো স্পষ্ট হৈ পৰিব ৷ 6 জুনত মুখ্যমন্ত্ৰী দিল্লীলৈ ৰাওনা হ'ব (CM Himanta Biswa Sarma will visit Delhi) ৷ দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে আলোচনাত বহাৰ পিছত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে (Himanta Biswa Sarma will meet J P Nadda)৷
তাৎপৰ্যপূৰ্ণ যে 9 জুনত শপত গ্ৰহণৰ পিছতে সন্ধিয়াৰ ভাগলৈ মন্ত্ৰীসকলৰ দপ্তৰসমূহ বিতৰণ কৰা হব বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই ক্ষুদ্ৰ সম্প্ৰসাৰণত কোনো মন্ত্ৰী বাদ নপৰে যদিও একাংশ মন্ত্ৰীৰ দপ্তৰ সলনি হব ৷ আনহাতে কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে যথেষ্ট ভাল কাম কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাইজেও সেয়ে পুনৰ তেওঁকেই বিচাৰিছে ৷
লগতে পঢ়ক: গ্ৰেপ্তাৰৰ পাছত জোনমনি ৰাভাৰ প্ৰথম প্ৰতিক্ৰিয়া: মই ষড়যন্ত্ৰৰ বলি হৈছো